March 24, 2023, 8:22 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কৰ’নাত আক্ৰান্ত হৈ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক ৰামছিং হাঞ্চেৰ মৃত্যু

Reporter Name
  • Update Time : Thursday, July 9, 2020
  • 188 Time View

বোকাজানঃ কাৰ্বি আংলঙৰ বাবে আহিল আন এক দুঃখবৰ। ক’ভিড-১৯ ত আক্ৰান্তহৈ আজি গুৱাহাটী জিএমচিএইছত শেষ নিশ্বাস ত্যাগ কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ৰামছিং হাঞ্চেই ৷

স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি কৰ’নাত আক্ৰান্ত হোৱাৰ পিছতে জিলাখনত কৃষি বিভাগৰ অভিযন্তা তথা বিভাগটোৰ অতিৰিক্ত সঞ্চালক ৰামছিং হাঞ্চে কৰ’নাত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছিল ৷

উল্লেখ্য যে, যোৱা কিছুদিন ধৰি জ্বৰ, চৰ্দি, কাঁহ এচিডিটি আদিত আক্ৰান্ত হৈ থকা কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল ৷ ইয়াৰ মাজতে যোৱা ৪ জুলাইত বিষয়াগৰাকী গুৰুতৰ বাবে অসুস্থ হৈ পৰে ৷ ৫ জুলাইত বিষয়া গৰাকীৰ স্বাৱ টেষ্টৰ ৰিজাল্ট পজিটিভ আহে ৷

বিষয়াগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অনুকুল নোহোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ বিষয়াগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা পিছত শ্বাস-প্ৰশ্বাসত ভুগি আজি পুৱা ১০ বজাত কৰুণ মৃত্যুক আকোঁৱালি লয় ৷

আনহাতে আজি পুৱাৰ ভাগত প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ ১৬ বছৰৰ অনুৰ্ধৰ ৫ জনকৈ শিশু আৰু এজন ৫৬ বছৰীয়া লোকো কৰ’নাত আক্ৰান্ত হোৱাৰ বাতৰি আহিছে ৷ মুঠতে কাৰ্বি আংলং জিলাখন কৰ’নাৰ গণ সংক্ৰমনৰ হটস্পটলৈ পৰ্যবসিত হব ধৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে