ছিউলঃ পুনৰ অসুস্থ হৈ পৰিছে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উন। এই চাঞ্চল্যকৰ দাবী কৰিছে দক্ষিণ কোৰিয়াৰ প্ৰয়াত ৰাষ্ট্ৰপতি কিম দায়ে-জুংয়েৰ এগৰাকী প্ৰাক্তন সহযোগীয়ে। এইবাৰ ৰাষ্ট্ৰপতি কিম জং অসু্স্থ হৈ ক’মা অৱস্থাত থকা বুলিও বাতৰি প্ৰকাশ পাইছে।
তেওঁ দাবী কৰা মতে, গুৰুতৰভাৱে অসুস্থ হৈ পৰা বাবেই কিম জঙে কিছু ক্ষমতা ভগ্নী কিম জং ইয়োৰ হাতত তুলি দিছে। সেয়ে কিম জং ইয়ো দেশখনৰ দ্বিতীয় সবাতোকৈ ক্ষমতাশালী ব্যক্তি হৈ পৰা বুলিও মন্তব্য কৰিছে দক্ষিণ কোৰিয়াৰ প্ৰয়াত ৰাষ্ট্ৰপতিৰ সহযোগীগৰাকীয়ে। যদিহে দাবী কৰা ধৰণে সঁচাকৈয়ে কিম জং উনৰ পিছত কিম জং ইয়োই ক্ষমতা লাভ কৰে তেন্তে দেশখনে প্ৰথমবাৰৰ বাবে লাভ কৰিব এগৰাকী মহিলা ৰাষ্ট্ৰপতি।
এটি ছ’চিয়েল মিডিয়া পোষ্টত দক্ষিণ কোৰিয়াৰ প্ৰয়াত ৰাষ্ট্ৰপতি কিম দায়ে-জুংয়েৰ একালৰ সহযোগী তথা প্ৰাক্তন কূটনৈতিক বিষয়া ছাং চং মিনে লিখিছে, ‘উত্তৰ কোৰিয়াৰ শাসকসকলে সহজে ক্ষমতা কাকো এৰি নিদিয়ে। একমাত্ৰ গুৰুতৰ ৰোগ হ’লে বা সেনাৰ অভ্যুত্থান হ’লেহে পদ এৰি দিয়ে। অতীতত দেশখনৰ কোনো শাসকে স্বাভাৱিক অৱস্থাত শাসনভাৰ নিজৰ বাদে কাকো তিলমানো এৰি দিয়া নাই। গতিকে ভগ্নী কিম জং ইয়োৰ হাতত কিমে শাসনৰ বহু দায়িত্ব এৰি দিয়াৰ পৰা এয়া বুজিব পাৰি যে কিম জং গুৰুতৰভাৱে অসুস্থ।’
ইয়াৰ পূৰ্বেও কিম জং উন অসুস্থ হৈ পৰা বুলি দাবী কৰি অহা প্ৰাক্তন কূটনীতিবিদগৰাকীয়ে আৰু কৈছে যে এইবাৰ কিম জং অসুস্থ হৈ ক’মা অৱস্থাত চিকিৎসাধীন হৈ আছে। একাংশ লোকে কিম জং কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে বুলি কৰা মন্তব্যকো তেওঁ পোনছাটে নুই কৰা নাই। অৱশ্যে কিম জং উন কৰ’নাত আক্ৰান্ত হৈছে নে নাই সেয়া তেওঁ এই পৰ্যন্ত জানিব পৰা নাই বুলিও মন্তব্য কৰিছে।
উল্লেখ্য যে প্ৰায় ৬ মাহ পূৰ্বে কিম জং অসুস্থ হৈ পৰাৰ বাতৰি প্ৰকাশ পাইছিল আন্তৰ্জাতিক সংবাদ মাধ্যমত। ইয়াৰ পিছত বহুদিন ধৰি কিম জঙক ৰাজহুৱা কোনো অনুষ্ঠানত দেখা পোৱা হোৱা নাছিল। এই লৈ ব্যাপক চৰ্চা চলাৰ অন্তত উত্তৰ কোৰিয়াই ফটো ৰাজহুৱা কৰি কিম জং যে সুস্থ তাৰ প্ৰমাণ দিছিল যদিও কোনো ভিডিঅ’ মুকলি নকৰাত বিশ্ববাসী এই লৈ পতিয়ন যাব পৰা নাছিল। আনকি মাৰ্কিন চোৰাংচোৱা সংস্থাসমূহেও কিম জং গুৰুতৰভাৱে অসুস্থ হৈ পৰা বুলি দাবী কৰা পৰিলক্ষিত হৈছিল।