বোকাজানঃ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা° লংছদাৰ কাথাৰ অলপতে কৰ’নাত আক্ৰান্ত হৈ ডিফুত চিকিৎসাধীন হোৱাৰ পিছতে চিকিৎসকগৰাকীৰ পৰিয়ালৰ আন ৬ জন লোক আজি মাৰাত্মক কৰ’না ভাইৰাছৰ আক্ৰমণৰ চিকাৰ হোৱাৰ তথ্য পোহৰলৈ আহিছে।
জানিব পৰা মতে, চিকিৎসকগৰাকীৰ দেহত কৰ’নাৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছতে কালি চিকিৎসকগৰাকীৰ পৰিয়ালৰ শ্বাৱৰ নমুনা সংগ্ৰহ কৰা হৈছিল। উক্ত নমুনাৰ আজি লাভ কৰা ফলাফল অনুসৰি পৰিয়ালটোৰ দুটি কণ কণ শিশুকে ধৰি মুঠ ৬ জন লোকৰ দেহত কৰ’নাৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে।
আক্ৰান্ত লোকসকল ক্ৰমে জীনা কাথাৰপী (৫২), চেৰলিন টেৰণপী (৩৫), বাচাপি ৰংপিপী (১৫), কিৰদা ডেৰাপী (১৮), ক্লিৰনিকা কাথাৰপী (০৭) আৰু চেৰনিলকাৰ কাথাৰপী (০৩)।