জেনেভাঃ কৰ’না মহামাৰীক লৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰিলে পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিব। সোমবাৰে এই মন্তব্য কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই চমুকৈ WHOৰ মূৰব্বী ডাঃ টেড্ৰ’ছ এডনাম গেব্ৰিয়েছেছে। তেওঁ আৰু কয় যে কৰ’না ৰোধৰ ক্ষেত্ৰত বহু দেশে ভুল পথেৰে অগ্ৰসৰ হৈছে।
‘কৰ’না ভাইৰাছৰ সংক্ৰমণৰ নতুন ঘটনা দিনে দিনে বৃদ্ধি পায়েই আছে। ইয়াৰ পৰা এয়াই প্ৰমাণিত হয় যে যিসমূহ উপায় আৰু পদ্ধতিৰ কথা কৈ অহা হৈছে সেইসমূহ সঠিকভাৱে পালন কৰা হোৱা নাই। অৰ্থাৎ আমি এক ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছো। গতিকে দেশসমূহৰ চৰকাৰসমূহ অধিক দায়ৱদ্ধ আৰু সাৱধান হ’ব লাগিব।’- WHOৰ মূৰব্বীগৰাকীৰ মন্তব্য।
আনহাতে ভেকচিন আৰু ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতাক লৈ এই পৰ্যন্ত সম্পূৰ্ণকৈ নিশ্চিত হ’ব পৰা নাই বুলিও সোমবাৰৰ সংবাদমেলত জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই। সংবাদমেলখনত WHOৰ জৰুৰীকালীন নিৰ্দেশক ডাঃ ৰায়ানে কয়, ‘আমি ভাইৰাছৰ সৈতে কেনেদৰে জীয়াই থাকিব লাগিব সেয়া শিকা উচিত। ভাইৰাছবিধক সমুলাঞ্চে নাশ কৰা বা কেইমাহমানৰ ভিতৰত শক্তিশালী ভেকচিন আহিব বুলি ভবাতো এই মুহূৰ্তত আকাশত চাং পতাৰ লেখীয়া।’
ইমিউনিটি সন্দৰ্ভতো অনুৰূপ মন্তব্য কৰে WHOৰ জৰুৰীকালীন নিৰ্দেশকগৰাকীয়ে। তেওঁ কয়, ‘কৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা লোকসকলৰ ইমিউনিটি গঢ়ি উঠিছে নে নাই সেয়া এতিয়ালৈকে সুনিশ্চিত কৰিব পৰা হোৱা নাই। যদিহে ইমিউনিটি গঢ় লৈ উঠিছেও তেন্তে সেয়া কিমানদিনলৈ থাকিব তাক লৈয়ো বৰ্তমানলৈ ন দি ক’ব পৰা হোৱা নাই। এক গৱেষণাত ইমিউনিটি পাৱাৰ মাত্ৰ ৩ মাহ সক্ৰিয় হৈ থকাৰ প্ৰমাণ পোৱা গৈছে আৰু তিনিমাহৰ পিছত সেয়া আকৌ নাইকিয়া হ’বলৈ আৰম্ভ কৰিছিল।’