গোলাঘাটঃ গোলাঘাট জিলাৰ দেৰগাঁৱৰ ডাঃৰূপম গগৈ নামৰ এজন চিকিৎসকৰ বিৰুদ্ধে জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। জানিব পৰা মতে দেৰগাঁৱ চি এইচ ই ত কৰ্মৰত এই চিকিৎসক ডাঃ গগৈয়ে জিলা প্ৰশাসনৰ অজ্ঞাতে গোলাঘাটৰ লাইফ লাইন হস্পিটেলত কাম কৰি আছিল।
যাৰবাবে তেওঁ ব্যক্তিগত নাৰ্ছিং হ’ম খনৰ কৰ্মচাৰী জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ আহি কভিড-১৯ ভাইৰাছত আক্ৰান্ত হৈছিল। আজি চিকিৎসকজনৰ স্বাৱৰ ৰিপৰ্ট পজিটিভ অহাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে। লগে লগে জিলা উপায়ুক্ত গৰাকীয়ে বিষয়টোৰ এক তদন্ত কৰিবলৈ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষনা কৰে।
মনকৰিবলগীয়া কথা যে আজি কভিড ত আক্ৰান্ত হোৱা চিকিৎসকজনে যোৱা দিন কেইটাত দেৰগাঁৱৰ চৰকাৰী চিকিৎসালয়ত ৰোগী চায় আছিল। তেনে ক্ষেত্ৰত এই চিকিৎসকজনৰ পৰা ৰোগীৰ দেহলৈ কভিড সংক্ৰমণ হোৱাৰ পূৰ্ন সম্ভাৱনাই দেখা দিয়াত এতিয়া দেৰগাঁৱ বাসী আতংকিত হৈ পৰিছে।