গুৱাহাটীঃ ক্ৰমাৎ সুস্থ হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। এই কথা সদৰী কৰিছে ডাউন টাউন হাস্পতাল কৰ্তৃপক্ষই। অৱশ্যে বৰ্তমানো হাস্পতালতে আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। চিকিৎসালয়ৰ সূত্ৰই সদৰী কৰা মতে বৰ্তমানো আইচিইউত ৰখা হৈছে মহন্তক। চিকিৎসকৰ এটা দলে প্ৰতিমুহূৰ্ততে নিৰীক্ষণত ৰাখিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।
উল্লেখ্য যে, শুকুৰবাৰে নিশা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল প্ৰফুল্ল কুমাৰ মহন্তক। ৰক্তচাপ আৰু স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।