September 26, 2022, 10:10 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি মুকালমুৱাৰ কালাৰচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত ব্যাপক অনিয়ম ধেমাজিত ১২ লক্ষাধিক টকাৰ ড্ৰাগছ নিষ্কাশন দৰঙৰ এক লাখ চল্লিশ হাজাৰ পৰিয়ালৰ গৃহত স্বাধীনতা দিৱস পালনৰ ব্যৱস্থা মঙলদৈত ষ্টুডেণ্ট কেডেট কৰ্প’ছ(এছ চি চি)ৰ দৰং জিলা সমিতি গঠন বিশ্বনাথৰ পানীভৰালত বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত নিষিদ্ধ গাঞ্জা দাহ কাৰ্যসূচী বহিঃৰাজ্যত অসমৰ জীয়ৰীৰ ৰহস্যজনক মৃত্যু। ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই মৃতদেহ SC আৰু STক অপমান কৰিলে গ্ৰেপ্তাৰ হ’ব আপুনি মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক পুনৰ মন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ৰ ঘনিষ্ঠৰ ফ্লেটত ২৭ কোটি ৯০ লাখ টকা উদ্ধাৰ

ক্ষুদ্ৰ উদ্যোগৰ উন্নয়নৰ বাবে ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ ৩৫০ কোটি বিনিয়োগ, CM-ৰে বৈঠক

Reporter Name
  • Update Time : Tuesday, September 14, 2021
  • 238 Time View

ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক চমুকৈ SIDBIৰ উচ্চ পদস্থ বিষয়াৰে আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত অসমৰ ক্ষুদ্ৰ উদ্যোগ খণ্ডত ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকে বৃহৎ বিনিয়োগ কৰাৰ পোষকতা কৰে৷ এমএছএমই খণ্ডৰ বিকাশৰ বাবে ৬৮২.১৮ কোটি টকাৰ ৫৪টা প্ৰকল্প হাতত লোৱাৰ কথা সিদ্ধান্ত লোৱা হয়৷ ইয়াৰে ৩৫০ কোটি টকাৰ প্ৰদানৰ আজিয়েই প্ৰতিশ্ৰুতি দিয়ে SIDBI কৰ্তৃপক্ষই৷

মুখ্যমন্ত্ৰীয়ে বৈঠকৰ পিছতে কয় যে এছআইডিবিআইয়ে ৰাজ্যখনৰ বিকাশৰ বাবে পুঁজি দিবৰ বাবে আৰু অসম চৰকাৰৰ সৈতে অংশীদাৰ হ’বলৈ সন্মত হৈছে। এইটোও সিদ্ধান্ত লোৱা হৈছে যে এছআইডিবিআইয়ে আত্মসহায়ক গোটসমূহক উদ্যোগ পৰ্যায়লৈ উন্নীত কৰা আৰু তেওঁলোকক অৰ্থনীতিৰ আনুষ্ঠানিক খণ্ডলৈ অনাত সহায় কৰিব। এছআইডিবিআইয়ে ক্লাষ্টাৰ ডেভেলপমেণ্ট ফাণ্ডৰ অধীনত ৩৫০ কোটি টকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। এক জিলা এক সামগ্ৰী উদ্যোগৰ সৈতে ক্লাষ্টাৰবোৰ বিকাশ কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷

মুখ্যমন্ত্ৰীয়ে বৰ্তমানৰ ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ চমুকৈ এমএছএমই আৰু নতুন ঔদ্যোগিক আন্তঃগাঁথনি বিকাশত অসম চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে এছআইডিবিআইক ধন্যবাদ জনাই৷ বৈঠকত মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, SIDBIৰ সঞ্চালক প্ৰধান শিৱসুব্ৰমনিয়াম ৰামান আৰু সমীৰ সিনহা উপস্থিত থাকে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে