গুৱাহাটীঃ কোভিড-১৯ত আক্ৰান্ত হোৱা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ৮৫ বৰ্ষীয় তৰুণ গগৈক সম্প্ৰতি আইছ’লেশ্যনত ৰখা হৈছে।
ইফালে বুধবাৰে ফোন যোগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী তথা একালৰ সহযোগী হিমন্ত বিশ্ব শৰ্মায়ো টুইটযোগে তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰে। লগতে গগৈৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে এটা বিশেষ চিকিৎসকৰ দলৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহত কোভিড-১৯ ধৰা পৰিছিল। তাৰ পিছতে গগৈক জিএমএইছৰ আইছ’লেশ্যন ৱাৰ্ডত ভৰ্তি কৰোৱা হয়। আনহাতে কোভিড পৰীক্ষাত তৰুণ গগৈৰ পত্নী ডলী গগৈৰ ৰিজাল্ট নিগেটিভ ওলায়।