March 30, 2023, 5:17 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কোভিড পজিটিভ দুই বিধায়কক সাক্ষাতৰ পিছত হোম কোৱাৰেণ্টাইন হ’ল মুখ্যমন্ত্ৰী…

Reporter Name
  • Update Time : Saturday, August 29, 2020
  • 152 Time View

ডিজিটেল ডেস্কঃ পঞ্জাৱ বিধানসভাৰ ২৯ গৰাকী বিধায়ক-মন্ত্ৰীৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। তাৰ পিছতে বিধানসভাত প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ নিয়ম বান্ধি দিয়া হৈছে। কোভিড টেষ্টত নিগেটিভ অহা সকলেহে বিধানসভাৰ অধিৱেশনত ভাগ ল’ব পাৰিব বুলি বিধানসভাৰ অধ্যক্ষই ইতিমধ্যে সদৰী কৰিছে।

ইপিনি ৰাজ্যখনৰ দুগৰাকী বিধায়কক সাক্ষাতৰ পিছত ৭ দিনৰ হোম কোৱাৰেণ্টাইন হৈছে মুখ্যমন্ত্ৰী কেপ্তেইন অমৰেন্দৰ সিং। মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছত দুয়োগৰাকী বিধায়ক কোভিড পজিটিভ ধৰা পৰাৰ পিছতে মুখ্যমন্ত্ৰী সিঙে নিজকে হোম কোৱাৰেণ্টাইন কৰে। এই বিষয়ে টুইটযোগে সদৰী কৰিছে মুখ্যমন্ত্ৰী মিডিয়া সহকাৰী ৰবীন ঠুকৰালে।

ইফালে ৰাজ্যখনৰ ২৯ গৰাকীকৈ বিধায়ক-মন্ত্ৰী কোভিড পজিটিভ হোৱাৰ পিছত ৰাজ্যৰ কোভিড স্থিতিক লৈ গভীৰ উদ্বেগ ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী অমৰেন্দৰ সিঙে। তেওঁ কয় যে যি সময়ত বিধায়ক-মন্ত্ৰীসকলেই সুৰক্ষিত নহয়, সেই সময়ত নীট বা জেইই পৰীক্ষা অনুষ্ঠিত কৰাটো অনুচিত। উল্লেখ্য যে, প্ৰথমাৱস্থাত পঞ্জাৱত কোৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰাত চৰকাৰ সক্ষম হ’লেও শেহতীয়াকৈ ৰাজ্যখনত অধিক হাৰত গণ সংক্ৰমণ প্ৰত্যক্ষ হৈছে। ৰাজ্যখনত বৰ্তমানলৈকে ৪৭,৮০০ৰো অধিক কোভিড সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে ১,২৫৬ জন লোকৰ মৃত্যু ঘটিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে