ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু লকডাউনৰ প্ৰভাৱ পৰিছে ভাৰতৰ এয়াৰটেল আৰু ভোডাফোনতো। টেলিকম ৰেগুলেটৰী অথ’ৰিটী অৱ ইণ্ডিয়া চমুকৈ ট্ৰাইয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে লকডাউনৰ এই সময়ছোৱাত ভোডাফোন-এয়াৰটেলৰ গ্ৰাহকৰ সংখ্যা ৪.৭ নিযুত হ্ৰাস পোৱাৰ বিপৰীতে এই সময়ছোৱাত ৩.৭ নিযুত গ্ৰাহকে জিঅ’ সংযোগ গ্ৰহণ কৰিছে। প্ৰতিবেদন মতে, মে’ মাহত তাৰঁবিহীন গ্ৰাহক বিশেষকৈ ২জি, ৩ জি আৰু ৪ জিৰ গ্রাহকৰ সংখ্যা ০.৫ শতাংশ হ্ৰাস পাইছে।
তথ্য অনুসৰি, ভাৰতৰ চহৰ অঞ্চলত এপ্ৰিল মাহৰ শেহৰ পৰা মে’ৰ আৰম্ভণিলৈ প্ৰায় এসপ্তাহত ৯ নিযুত গ্ৰাহকৰ সংখ্যা হ্ৰাস হৈ পূৰ্বৰ ৬২৯ নিযুতৰ পৰা ৬২০ নিযুত হৈ পৰে। অৱশ্যে এই গ্ৰামাঞ্চলত গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱা বুলিও প্ৰতিবেদনত প্ৰকাশ। মে’ মাহত গ্ৰামাঞ্চলত ৫২০ নিযুতৰ পৰা ৫২৩ নিযুতলৈ গ্ৰাহক বৃদ্ধি পাইছে। এই সময়ত গ্ৰামাঞ্চলত গ্ৰাহকৰ বৃদ্ধিৰ হাৰ হৈছে ০.৭০ শতাংশ।
ট্ৰাইৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, এপ্ৰিলৰ পৰা মে’ মাহ পৰ্যন্ত টেলিকম কোম্পানীসমূহে মুঠ ৮.২ নিযুত গ্ৰাহক হেৰুৱাবলগীয়া হৈছে। বিশেষকৈ লকডাউনৰ ফলত চহৰাঞ্চলৰ পৰা গ্ৰামাঞ্চললৈ যোৱা, সংস্থাপন হেৰুওৱা আৰু ছিম কাৰ্ড সলনি কৰা আদিৰ বাবেই গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱা বুলি অনুমান কৰা হৈছে। ইফালে জিঅ’ৰ লগতে এই সময়ছোৱাত ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বিএছএনলতো গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে ২০১৫৯৩ জন।
কোভিড স্থিতি আৰু লকডাউনৰ সময়ত দেশৰ ২.৯৮ নিযুত গ্রাহকে ম’বাইল নম্বৰ প’র্টেবিলিটী অৰ্থাৎ এমএনপিৰ বাবে আবেদন জনাইছে বুলি প্ৰকাশ পাইছে ট্ৰাইৰ প্ৰতিবেদনত। ইফালে ভোডাফোন-এয়াৰটেলৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাৰ সমান্তৰালভাৱে হ্ৰাস পাইছে লেণ্ডলাইনৰ গ্ৰাহকৰ সংখ্যাও। ট্ৰাইৰ অধ্যক্ষ আৰ এছ শৰ্মাই সদৰী কৰা মতে, এই মাহটোত ১৯.৯ নিযুতৰ পৰা গ্রাহকৰ সংখ্যা ১৯.৭৭ নিযুতলৈ নিম্নগামী হৈছে লেণ্ডলাইন ব্যৱহাৰকাৰীৰ সংখ্যা।