কোকৰাঝাৰ জিলাৰ ভোটগাঁও সমবায় সমিতিৰ অন্তৰ্গত বামুনগাঁও ৪ৰ্থ খণ্ড গাঁৱৰ সুলভ মূল্যৰ এজেণ্ট ধীৰাজ বৰ্মণক সুলভ মূল্যৰ চাউল বিক্ৰী কৰাৰ সময়তে ৰাইজে হাতে-লোটে ধৰিবলৈ সক্ষম হয়৷ কোকৰাঝাৰৰ পৰা সমবায়ৰ চাউল বিতৰণৰ বাবে আনি চোৰাংকৈ বিক্ৰী কৰিবৰ বাবে নিজ গাঁৱৰ মোমায়েক সুশীল বৰ্মণৰ ঘৰত প্ৰায় ৬০ বস্তা চাউল জমা কৰে ৰাখিছিল। সুলভ মূল্যৰ চাউলখিনি দোকানী ধীৰাজ বৰ্মণে নিজৰ দোকানত ৰখাৰ বিপৰীতে বেলেগৰ ঘৰত ৰখাত ৰাইজে সন্দেহ কৰি ধুবুৰী পূব জিলা আক্ৰাছুৰ সভাপতি অনুপম বৰ্মণক অৱগত কৰে। সোমবাৰে সন্ধিয়া আক্ৰাছুৰ কৰ্মকৰ্তাই কোকৰাঝাৰ থানাৰ আৰক্ষীক খবৰ দি চোৰাং চাউলখিনি জব্দ কৰে৷ চাউলখিনি আৰক্ষীক গতাই দিয়াৰ লগতে চোৰাং চাউল চক্ৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে এজাহাৰ দাখিল কৰে।