May 25, 2022, 11:59 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

কোকৰাঝাৰৰ ছয় ঐতিহ্যমণ্ডিত বিহু সিমিতিলৈ ৰাজ্য চৰকাৰৰ ডেৰলাখটকীয়া আৰ্থিক সাহায্য

Reporter Name
  • Update Time : Thursday, April 7, 2022
  • 86 Time View

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছখন ৰঙালী বিহু উদযাপন সমিতিলৈ আজি অসম চৰকাৰৰ ডেৰলাখটকীয়া আৰ্থিক সাহাৰ্যৰ আদেশ পত্ৰ জিলা উপায়ুক্তই বিহু কমিটি সমুহক প্ৰদান কৰে। কোকৰাঝাৰ জিলা উপায়ুক্তৰ প্ৰেক্ষাগৃহত আজি আয়োজিত হোৱা এক অনুষ্ঠানযোগে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বিহু কমিটিৰ সভাপতি আৰু সম্পাদকৰ হাতত আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ ডেৰলাখটকীয়া আৰ্থিক সাহাৰ্যৰ আদেশ পত্ৰ বিতৰণ কৰে। উক্ত অনুষ্ঠানত কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, গোসাঁইগাঁও সমষ্টিৰ ইউপিপিএলৰ বিধায়ক জিৰণ বসুমতাৰী আৰু ছখন বিহু সমিতিৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত আছিল।

উল্লেখ্য যে, সভাৰ আৰম্ভণিত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই বিহু উদযাপন সমিতিসমূহক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰে বান্ধি দিয়া চৰ্তসমূহ যেনে- যিসকল ৰঙালী বিহু উদযাপন সমিতিয়ে অসমীয়া কেলেণ্ডাৰৰ ১ বহাগৰ পৰা ৭ বহাগলৈ প্ৰত্যেক বছৰে যোৱা ১০ বছৰৰ পৰা উদযাপন কৰি আহিছে আৰু যিয়ে ইয়াৰ প্ৰমাণ পত্ৰ দাখিল কৰিব পাৰিছে তেনেকুৱা সমিতিসমূহক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ বাবে বাছনি কৰা হৈছে বুলি উল্লেখ কৰে। ইয়াৰ উপৰিও যি সমূহ বিহু বা ৰংজালি বৈসাগু বা বিষুৱা উদযাপন সমিতিয়ে আৰ্থিক সাহাৰ্য্য পোৱাৰ পৰা বিভিন্ন কাৰণত ৰৈ গৈছে তেনে কমিটিসমুহৰ বাবে জিলা প্ৰশাসনে অসম চৰকাৰৰ লগত যোগাযোগ কৰিব বুলি মন্তব্য কৰিছে।

ইপিনে জিলা প্ৰশাসনে অতি কমসংখ্যক বিহু সমিতিক অসম চৰকাৰৰ ডেৰলাখটকীয়া আৰ্থিক সাহাৰ্যৰ বাবে নিৰ্বাচন কৰাক লৈ বহুসংখ্যক বিহু, বিষুৱা আৰু বৈশাগু সমিতিয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। বঞ্চিত বিহু, বিষুৱা আৰু বৈশাগু সমিতিৰ একাংশ কাৰ্যকৰ্তাই উল্লেখ কৰা মতে অইন জিলাত যিসময়ত ২০-৩০ খন বিহু কমিটিক চৰকাৰৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে সেই সময়ত কোকৰাঝাৰ জিলা প্ৰশাসনে মাত্ৰ ছখন বিহু কমিটিক আৰ্থিক সাহাৰ্য প্ৰদান কৰাত আন বহুসংখ্যক বিহু কমিটি, বিষুৱা কমিটি আৰু বৈশাগু কমিটি আৰ্থিক সাহাৰ্যৰ পৰা বঞ্চিত হৈছে। অৱশ্যে উক্ত বিষয়টোক লৈ জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ সতে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী আৰু গোসাঁইগাঁও সমষ্টিৰ ইউপিপিএলৰ বিধায়ক জিৰণ বসুমতাৰীয়ে এক বৈঠকত অংশগ্ৰহণ কৰে আৰু অতিৰিক্ত পুঁজিৰ ব্যৱস্থা কৰি আন বিহু সমিতিসমুহক প্ৰদান কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনায়। জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বিষয়টোত ধনাত্মক সঁহাৰি প্ৰদান কৰি অতিৰিক্ত পুঁজিৰ বাবে ৰাজ্য চৰকাৰকৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে