কোকৰাঝাৰঃ আইপিএল ক্ৰিকেটৰ নামত কোকৰাঝাৰত চলিছে জুৱাৰ ৰমৰমীয়া ব্যৱসায়৷ কোকৰাঝাৰ আৰক্ষীয়ে কালি নিশা চহৰখনৰ কহিনুৰ হোটেলত অভিযান চলাই আইপিএলৰ পাঁচ জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে৷ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ কৌশিক সাহা (৩৪), দিবাকৰ দাস (৩৬), বাপন ৰায় (২৮), সুৰজ নাথ (৩০) আৰু সঞ্জীৱ কৰ্মকাৰক (৩৫) আটক৷ পাঁচজনীয়া জুৱাৰীৰ দলটোৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে এখন ইন’ভা (এএছ-০১-ইডি-৪০৪৩), এখন মাৰুতি এক্সএল জি (এএছ-১৯-কিউ-৯০৬১) আৰু আপাচী বাইক (এএছ-১৭-এল-১৬২৩) জব্দ কৰিবলৈ সক্ষম হৈছে৷ জুৱাৰী কেইজনৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ আৰক্ষী থানাত ২৬২/২২নং গোচৰ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪২০/৩৮৫/১২০ (বি) আৰ ডব্লিউ ১৩/১৪/১৫/১৬/১৭ আৰু আছাম লটাৰী বেটিং গেম এক্টৰ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে৷ আজি বিয়লী আটকাধীন কেউজনকে আদালতত হাজিৰ কৰোৱাৰ পিছত দুদিনৰ বাবে আৰক্ষীয়ে জিম্মাত আনি অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে৷