March 24, 2023, 8:22 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কোকৰাঝাৰত ৰাজ্যপাল মুখী, বিটিএডিৰ ভিচিডিচি-টিচিএলচিচি-চিএচবি-পৌৰসভা ভংগ ঘোষণা

Reporter Name
  • Update Time : Monday, June 22, 2020
  • 298 Time View

কোকৰাঝাৰঃ বিটিএডিত সংঘটিত ব্যাপক দুৰ্নীতি, স্বজন-তোষণৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অৱশেষত ভিচিডিচি, টিচিএলচিচি, কেন্দ্ৰীয় নিযুক্তি বৰ্ড ভংগ কৰে ৰাজ্যপালে৷ সোমবাৰে বিটিচিৰ সদৰ কোকৰাঝাৰত উপস্থিত হোৱা ৰাজ্যপালে এই কথা ঘোষণা কৰে৷ ৰাজ্যপাল জগদীশ মুখীয়ে এই কথা ঘোষণা কৰাৰ উপৰিও এসপ্তাহৰ ভিতৰতে ভিচিডিচিসমুহৰ পৰা জব কাৰ্ডসমুহ হিতাধিকাৰীৰ হাতলৈ হস্তান্তৰ কৰিবলৈ কঠিৰ নিৰ্দেশ প্ৰদান কৰিছে।

বিটিএডিৰ শাসন কাৰ্য চলাই থকা ৰাজ্যপাল জগদীশ মুখীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ভিচিডিচি, টিচিএলচিচি, চিএচবিসমূহ ভংগৰ ঘোষণা কৰি বিটিএডিৰ চাৰিখনকৈ পৌৰসভাও ভংগ কৰি দিয়া ঘটনাই বিটিএডিত আলোড়নৰ সৃষ্টি কৰিছে। এদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে কোকৰাঝাৰত উপস্থিত হোৱা ৰাজ্যপাল জগদীশ মুখীয়ে বিভিন্ন কাৰ্যসূচীৰ অন্তত বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা সংবাদমেলত কয় যে বিটিচি পৰিষদীয় অঞ্চলটোত যথেষ্ট দুৰ্নীতি সংঘটিত হোৱা বুলি বিভিন্ন পক্ষৰ পৰা অভিযোগ পোৱা গৈছে৷

বিটিএডিত জব কাৰ্ডক লৈ ব্যাপক হাৰত দুৰ্নীতি সংঘটিত হৈছে বুলি মন্তব্যৰে ৰাজ্যপালে কয় যে জব কাৰ্ডসমূহ হিতাধিকাৰীৰ সলনি ভিচিডিচিৰ অধ্যক্ষ বা সদস্যৰ ঘৰত হে উপলব্ধ হৈ অহাৰ পৰিণতিতে হিতাধিকাৰীসকলে বহু সময়ত তেওঁলোক কামৰ বিনিময়ত লাভ কৰা প্ৰাপ্য মজুৰিৰ ক্ষেত্ৰতো অৱগত নহয়। প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ ধন নিজৰ জব কাৰ্ডৰ একাউন্টত সোমায় নে নোসোমায় সেই বিষয়েও জ্ঞাত নহয় বুলি মন্তব্য কৰি ৰাজ্যপালে জব কাৰ্ডক লৈ সংঘটিত হোৱা দুৰ্নীতি আৰু কেলেংকাৰীৰ বিষয়টো এসপ্তাহৰ ভিতৰত তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

এতিয়াৰে পৰা জব কাৰ্ডৰ মাধ্যমত ৰূপায়িত হোৱা চৰকাৰী আঁচনিৰ কাম কাজসমূহ খণ্ড উন্নয়ন বিষয়াৰ তদাৰকত সম্পন্ন হব বুলি মন্তব্য কৰি ৰাজ্যপালে কেন্দ্ৰীয় নিযুক্তি বৰ্ড আৰু বিটিএডিৰ ৯খন পৌৰসভাৰ ভিতৰত ৪খন ভংগ কৰাৰ লগতে আন মনোনীত সদস্যসকলৰ কাৰ্যক্ষমতাও ভংগ কৰি দিয়া হৈছে সংবাদমেলত উল্লেখ কৰিছে ৰাজ্যপালে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে