কোকৰাঝাৰঃ ৰাজ্যত প্ৰতিদিনে কভিড ১৯ পজিটিভ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলা দণ্ডাধীশে জিলাখনৰ সকলো হাট-বজাৰ কাইলৈৰ পৰা অৰ্থাৎ ৯ জুলাইৰ পৰা পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।
কোকৰাঝাৰ জিলা দণ্ডাধীশ ভাস্কৰ ফুকনে সদৰি কৰা মতে ৰাজ্যৰ কেবাখনো জিলাত কভিড১৯ পজিটিভ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । ইয়াৰে বহুতৰে কোনোধৰণৰ ট্ৰেভেল হিষ্টৰী নাই । কৰ’নাই যাতে গণ সংক্ৰমনৰ ৰূপ লব নোৱাৰে তাৰ বাবে কিছু সাৱধানতা অৱলম্বনৰ প্ৰয়োজনীয়তা আহি পৰিছে ।
প্ৰতিদিনে বহা হাট-বজাৰ , সাপ্তাহিক হাট /বজাৰ, পষেকীয়া হাট /বজাৰত অত্যাধিক ভিৰ হোৱা বাবে আৰু ইয়ে গণসংক্ৰমনৰ ৰূপ লব পাৰে বুলি আশাংকা প্ৰকাশ কৰিয়ে সাৱধানতা হিচাপে তথা কভিড ১৯ প্ৰতিহত কৰিবলৈকে দূৰ্যোগ প্ৰশমন আইন ২০০৫ ৰ ধাৰা ৩৪ অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনৰ প্ৰতিদিনে বহা হাট / বজাৰ , সাপ্তাহিক হাট /বজাৰ, পষেকীয়া হাট /বজাৰ বন্ধ থাকিব বুলি জিলা দণ্ডাধীশে নিৰ্দেশ প্ৰদান কৰিছে ।
অৱশ্যে উক্ত নিৰ্দেশনাৰ পৰা অকলশৰীয়া শাক-পাচলিৰ দোকান , ঘৰে ঘৰে শাক-পাচলি বিক্ৰী কৰা আৰু স্থায়ী গৃহত থকা দোকানক ৰেহাই প্ৰদান কৰা হৈছে । তদুপৰি শাক পাচলিৰ দাম যাতে সঠিকভাৱে থাকে তাৰ নিশ্চয়তা প্ৰদানৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগক পৰ্যবেক্ষণ কৰিবলৈ কঢ়া নিৰ্দেশনা প্ৰদান কৰিছে জিলা দণ্ডাধীশ ভাস্কৰ ফুকনে ।