March 26, 2023, 12:39 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কোকৰাঝাৰত মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ

Reporter Name
  • Update Time : Sunday, June 28, 2020
  • 88 Time View

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ তাৰংগুৰী সুতাৰপাৰাত নিজ গৃহতে এগৰাকী বিবাহিতা মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘাতকে চোকা অস্ত্ৰৰে ঘপিয়াই মুণ্ড ছিন্ন কৰি মুণ্ডটো ঘাতকেই লৈ যায় বুলি সন্দেহ কৰা হৈছে । ঘাতকৰ নৃশংস আক্ৰমনত নিহত হোৱা মহিলাগৰাকীক ছাতিৰাম বসুমতাৰীৰ দ্বিতীয় পত্নী বিমলা বসুমতাৰী(৪৫) বুলি চিনাক্ত কৰা হৈছে।

সুতাৰপাৰা গাঁওৰ গাঁওবুঢ়া চন্দ্ৰকান্ত বসুমতাৰীয়ে সংবাদমাধ্যমৰ আগত সদৰি কৰা মতে ৰাতিপুৱা পথাৰলৈ বুলি ধান ৰুবলৈ যাওতে একাংশ ৰোৱনীয়ে প্ৰথমে ঘৰৰ বাৰান্দাত মহিলা এগৰাকী উবুৰি খাই পৰি থকা প্ৰত্যক্ষ কৰে। ওচৰলৈ গৈ মুণ্ডহীন মৃতদেহ দেখি ৰোৱনীসকলে চিৎকাৰ কৰি উঠে আৰু গাওঁৱাসীক খবৰ দিয়ে।

তাৰপিছত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিমলা বসুমতাৰীৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সন্দেহবশত মৃত বিমলা বসুমতাৰীৰ স্বামী ছাতিৰাম বসুমতাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে অদ্যপি বিমলা বসুমতাৰীৰ মুৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰি ইতিমধ্যে হত্যাকাণ্ড সন্দৰ্ভত কেবাটাও ক্লু উদ্ধাৰ কৰা হৈছে আৰু অচিৰেই হত্যাকাৰী ধৰা পৰিব বুলি মন্তব্য কৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে