July 2, 2022, 1:02 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি কমতাপুৰ অটোনমাচ কাউঞ্চিলৰ সচিবালয় ভৱনৰ আনুষ্ঠানিক ভাবে মুকলি কমনৱেলথ গেমছত খেলাৰ যোগ্যতা অৰ্জন শিৱসাগৰৰ জীয়ৰী পপী হাজৰিকাই গোৱালপাৰাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধন প্ৰথম খোজতে উন্নত ফলাফল পৰমাইভেটি জাতীয় বিদ্যালয়ৰ স্বামী স্ত্ৰীৰ চিপ লৈ আত্মহত্যা বিশিষ্ট সমাজকৰ্মী প্ৰতাপ বৰদলৈৰ পৰলোক নগাঁওত বন্যাৰ্তক বান সাহায্য বিতৰণ কানহায়ালাল হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIAক প্ৰদান কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন ঘোষণা হ’ল বহু প্ৰতীক্ষাৰ অন্তত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, বিজ্ঞান শাখাৰ ১০ টা স্থানত ২০ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে

কোকৰাঝাৰত ভয়ংকৰ ঘটনা, আৰক্ষীৰ সন্মুখতে ধৰ্ষণৰ অভিযুক্তক ক্ষুব্ধ লোকৰ গণপ্ৰহাৰ

Reporter Name
  • Update Time : Monday, June 20, 2022
  • 13 Time View

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি থানাৰ অন্তৰ্গত পুঠিয়াগাঁৱৰ নিকটৰ বাৰাগড়ত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ধৰ্ষণৰ গোচৰত অভিযুক্ত বাহাৰুল মণ্ডল ওৰফে হলৈ(৪২)ক ক্ষুব্ধ লোকে প্ৰচণ্ডভাৱে মাৰপিট কৰি মটৰচাইকেলৰ মাজত বহুৱাই ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে সমদল কৰি নিয়ে।
প্ৰাপ্ত বাতৰি মতে, যোৱা নিশাৰ ভাগত চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত ভূটীয়াপাৰা-নয়টামাৰাত বাহাৰুল মণ্ডল ওৰফে হলৈ(৪২)য়ে এগৰাকী তিনি সন্তানৰ মাতৃক পিষ্টল দেখুৱাই ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। ভুক্তভোগী মহিলাগৰাকীয়ে চিৰাং জিলাৰ বাসুগাঁও থানাত এজাহাৰ দাখিল কৰিছিল যদিও চিৰাং আৰক্ষীয়ে ফলপ্ৰসূ কাৰ্য ব্যৱস্থা হাতত লোৱা নাছিল বুলি অভিযোগ উত্থাপিত হৈছিল আৰু তেনে এক মুহূৰ্ততে বাহাৰুল মণ্ডল ওৰফে হলৈ(৪২) পলাই সাৰে।

 

ইফালে, ধৰ্ষণকাণ্ড সংঘটিত কৰি পলাই থকা বাহাৰুল মণ্ডলে আজি আবেলিৰ ভাগত বাছেৰে পলায়ন কৰি থকাৰ সময়তে একাংশ লোকৰ দৃষ্টিগোচৰ হয়। মুহূৰ্ততে খবৰটো ইকাণ-সিকাণ কৰি ৰাষ্ট্ৰ হৈ পৰে আৰু চিৰাং জিলাৰ বাসুগাঁও এলেকাৰ পৰা বহুসংখ্যক লোকে বাহাৰুলক অনুসৰণ কৰে। অৱশেষত কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ পুঠিয়াগাঁৱৰ নিকটৰ বাৰাগড়ত প্ৰায় অৰ্ধ শতাধিক ক্ষুব্ধ অনুসৰণকাৰীয়ে বাহাৰুল মণ্ডলক কৰায়ত্ত কৰি প্ৰচণ্ড মাৰপিট আৰম্ভ কৰে। এগৰাকী অচিনাক্ত লোকক একাংশই প্ৰচণ্ড মাৰপিট কৰা দেখি বাৰাগড়ৰ স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। ছালাকাটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হৈ তৰিৎগতিৰে বাৰাগড়লৈ ৰাওনা হয় যদিও ইতিমধ্যে দুষ্কৃতিকাৰীৰ বিশাল দলটোৱে গণপ্ৰহাৰৰ ফলত ৰক্তৰঞ্জিত হোৱা বাহাৰুল মণ্ডলক হাতত বান্ধি লৈ হিন্দী চিনেমাৰ ষ্টাইলত মটৰচাইকেলৰ মাজত বহুৱাই জয় শ্ৰী ৰাম ধ্বনিৰে সমদল কৰি চিৰাং জিলাৰ বাসুগাঁও অভিমুখে ধাবিত হয়। পৰিস্থিতি অতি ভয়ানক হৈ পৰাত চিৰাং জিলাৰ বাসুগাঁৱৰ পৰা অহা আৰক্ষীৰ এটি দলে সমদলটোক দলগাঁৱত সন্মুখৰ পৰা আগভেটি ধৰে আৰু কোনোমতে সমদলকাৰীৰ পৰা বাহাৰুল মণ্ডলক অতি মুমুৰ্ষু অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ক্ষুব্ধ লোকৰ দলটোৱে আৰক্ষীৰ সন্মুখতো বাহাৰুল মণ্ডলক মাৰপিট কৰে। অতি মুমুৰ্ষু অৱস্থাত আৰক্ষীয়ে বাহাৰুল মণ্ডলক উদ্ধাৰ কৰি কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীৰ সন্মুখতে উন্মত্ত লোকে নিজেই আইন হাতত তুলি লৈ অভিযুক্তক গণপ্ৰহাৰেৰে মুমুৰ্ষু অৱস্থালৈ নিয়াৰ পিছত আকৌ হাত বান্ধি মটৰচাইকেলত উঠাই লৈ সমদল কৰি বন্য উল্লাহ প্ৰদৰ্শন কৰিবলৈ সুযোগ পোৱা কাৰ্যই আইন-শৃংখলাৰ অৱনতি ঘটা বুলি প্ৰশ্ন উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈ কাকো গ্ৰেপ্তাৰ কৰা নাই আৰু উক্ত ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে