কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাত অখিল ভাৰতীয় মহায়ান বৌদ্ধ মানীপা সংঘৰ উদ্যোগত জিয়াং ছুপ ছইলিং গুম্পাত (বৌদ্ধ মঠত) আজি ভগৱান বুদ্ধৰ ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। সৰলপাৰাৰ জিয়াং ছুপ ছইলিং গুম্পাৰ ধৰ্মগুৰু লাকপা চিৰিঙৰ নেৰ্তৃত্বত বুদ্ধ জয়ন্তী উপলক্ষে পৱিত্ৰ ধৰ্মগ্ৰন্থ মূৰত লৈ ভক্তপ্ৰাণ ৰাইজে বৌদ্ধ মঠৰ পৰিসৰৰ পৰা সৰলপাৰা গাঁও পৰিভ্ৰমন কৰে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ধ্যান আৰু প্ৰাৰ্থনা, বন্তি প্ৰজ্বলন অনুষ্ঠান সম্পন্ন হয়। ইপিনে কাৰ্যসূচী অনুসৰি পঞ্চশীলৰ পতাকা উত্তোলন কৰে অখিল ভাৰতীয় মহায়ান বৌদ্ধ মানীপা সংঘৰ সম্পাদক সন্তোষ পাখৰিনে। পতাকা উত্তোলন কৰি সন্তোষ পাখৰিনে কয় যে বুদ্ধ ধৰ্মৰ মহান বাণী যুগে যুগে প্ৰাসংগিক হৈ আহিছে আৰু ভৱিষ্যতেও বুদ্ধ ধৰ্মৰ মহান বাণীসমুহৰ প্ৰাসংগিকতা থাকিব। বুদ্ধৰ শিক্ষা আৰু জ্ঞানৰ পোহৰেৰে আলোকিত হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে অখিল ভাৰতীয় মহায়ান বৌদ্ধ মানীপা সংঘৰ সম্পাদক সন্তোষ পাখৰিনে। আজিৰ ভক্তিভৰা অনুষ্ঠানত অখিল ভাৰতীয় মহায়ান বৌদ্ধ মানীপা সংঘৰ উপ সভাপতি ৰুলু লামাকে ধৰি আন বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।