কোকৰাঝাৰঃ কোকৰাঝাৰত শামুকা নৈৰ বাঢ়নী পানীত ৰবীন নাৰ্জাৰী নামৰ ৬৫ বছৰীয়া বৃদ্ধ এগৰাকী উটি যোৱা ঘটনাই আইঠুগাঁওত শোকৰ ছাঁ পেলাইছে। আজি পুৱাৰে পৰা প্ৰৱল বৰষুণকো নেওচি এচডিআৰএফে লোকজনক উদ্ধাৰৰ বাবে শামুকা নদীত অভিযান চলায় যদিও উটি যোৱা লোকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহল।
প্ৰাপ্ত বাতৰি অনুসৰি মঙলবাৰে পুৱা ৭:৩০ মান বজাত চিম্বৰগাঁওৰ আইঠুগাঁও নিৱাসী ৰবীন নাৰ্জাৰীয়ে শামুকা নদী পাৰ হৈ এজন লোকৰ ঘৰত গাখীৰ দিব আহিছিল। গাখীৰ দি উভতি যাওঁতেই ৰবীন নাৰ্জাৰী শামুকা নদীৰ কোবাল সোঁতত উটি যায় আৰু সন্ধানহীন হৈ পৰে।
স্থানীয় বাসিন্দাই বিচাৰ-খোচৰ কৰে যদিও সন্ধান লাভ নকৰাত আজি পুৱাহে আৰক্ষীক অৱগত কৰে। বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰায়ে এচডিআৰএফ বাহিনীক লৈ ঘটনাস্থলীত উপস্থিত হৈ আজি ৰাতিপুৱাৰে পৰা অভিযান চলায় যদিও সন্ধানহীন ৰবীন নাৰ্জাৰীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহল।