March 29, 2023, 3:08 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কোকৰাঝাৰত পুনৰ ৪৭ জনকৈ লোক ক’ভিড-১৯ত আক্ৰান্ত

Reporter Name
  • Update Time : Wednesday, June 24, 2020
  • 114 Time View

কোকৰাঝাৰঃ ৰাজ্যজুৰি কৰোনাতংকৰ মাজতে কোকৰাঝাৰত এগৰাকী আৰক্ষী জোৱান কৰোনাত আক্ৰান্ত হোৱাত জিলা আৰক্ষী প্ৰশাসনৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। কোকৰাঝাৰ সপ্তম অসম বেটেলিয়নৰ জোৱান লোহিত ৰায় সম্প্ৰতি কৰোনাত আক্ৰান্ত হোৱাত চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰ কণ্টেইণ্টমেণ্ট জন হব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে।

কোকৰাঝাৰত পুনৰ ৪৭ জন লোক কৰোনাত আক্ৰান্তৰ ভিতৰত লোহিত ৰায়ৰ ট্ৰেভেল হিষ্টৰীয়ে সম্প্ৰতি প্ৰশাসনক বিপাঙত পেলাইছে। এগৰাকী উপ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাপে নিয়োজিত হৈ থকা লোহিত ৰায় যোৱা ৪ জুনৰ পৰা অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত কৰ্মৰত আছিল। লোহিত ৰায়ৰ স্বাৱ সংগ্ৰহ কৰাৰ পিছত যোৱা ২০ জুন তাৰিখে নমুনাা বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ কলেজ ও হস্পিতাললৈ প্ৰেৰণ কৰাৰ পিছত মঙলবাৰে নিশা লোহিত ৰায়ৰ নমুনা পজিটিভ বুলি ৰিপৰ্ট আহে।

শ্ৰীৰামপুৰতে নিজ কৰ্তব্য সমাপন কৰি থকা লোহিত ৰায়ে মঙলবাৰেও সপ্তম অসম আৰক্ষী বেটেলিয়নলৈ আহিছিল। বহুতৰ সংস্পৰ্শলৈ অহা লোহিত ৰায়ে যোৱাকালিও অৰ্থাৎ মঙ্গলবাৰেও সপ্তম অসম আৰক্ষী বেটেলিয়নলৈ অহাত এতিয়া হেডকোৱাৰ্টাৰত আতংকই বিৰাজ কৰিছে। কৰোনা যোদ্ধা এতিয়া কৰোনা সংক্ৰামক হব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। অৱশ্যে ইতিমধ্যে লোহিত ৰায়ক শ্ৰীৰামপুৰৰ পৰা কোকৰাঝাৰ অসমাৰিক চিকিৎসালয় লৈ এম্বুলেন্সযোগে স্থানান্তৰ কৰা হৈছে।

কৰোনা সংক্ৰমণৰ পৰিস্থিতি সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ ফুকনে বৰ্তমানলৈকে কোকৰাাঝাৰত কৰোনা ৰোগীৰ সংখ্যা ১২৮ গৰাকী বুলি উল্লেখ কৰে। চৰকাৰী নীতি নিৰ্দেশনা পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাই কোকৰাঝাৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকনে চিকিৎসালয়ৰ পৰা কেবাগৰাকী ৰোগী সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতি গৈছে বুলিও সদৰী কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে