কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ ঢোলমাৰা এলেকাত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক তিনি পাষণ্ডই দলবদ্ধ ধৰ্ষণৰ অভিযোগে জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। দশম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে তিনিওটা পাষণ্ডকে আটক কৰিছে। আৰক্ষীয়ে আটক কৰা তিনি পাষণ্ড ক্ৰমে ঢোলমাৰা লালকুৰা দ্বিতীয় খণ্ডৰ আফুৰউদ্দিন ইছলাম (২২), মুস্তাফা আলি (১৯) আৰু ধুবুৰী জিলাৰ চাপৰৰ ছামেজউদ্দিন আলি(১৯)। ইয়াৰে ছামেজউদ্দিন আলি আলহী খাবলৈ আহিছিল বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত অভিযোগ অনুসৰি কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ ঢোলমাৰা এলেকাৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে কালি সন্ধিয়া গাঁৱৰে দোকান এখনত বস্তু কিনিবলৈ আহিছিল। দোকানত বস্তু কিনি ঘৰলৈ উভতাৰ পথতে নাৱালিকাগৰাকীক তিনি পাষণ্ড ক্ৰমে আফুৰউদ্দিন ইছলাম, ছামেজউদ্দিন আলি আৰু মুস্তাফা আলিয়ে বাট আগচি ধৰি মুখত সোপা দি কাষৰীয়া চাহবাগানলৈ নিয়ে আৰু উপৰ্যুপৰি ধৰ্ষণ কৰে। পিছত নাৱালিকাগৰাকী ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনা বিৱৰি কোৱাত ঘটনাটো ৰাষ্ট্ৰ হৈ পৰে আৰু আজি স্থানীয় আক্ৰাছু নেতা-কৰ্মীসকলে ছালাকাটি আৰক্ষী চকীত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।
বিশেষ এটা সম্প্ৰদায়ৰ একাংশ লোকে নিৰৱচ্ছিন্ন দুষ্কাৰ্যত লিপ্ত হৈছে বুলি ক্ষোভ ব্যক্ত কৰি আক্ৰাছুৱে ঘটনাক ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ দাবী উত্থাপন কৰিছে। থানা জ্বলাই দিয়াৰ পৰা আৰম্ভ কৰি সকলো বেয়া কামবোৰ সিহঁতেই কৰে বুলি মন্তব্য কৰি সিহঁতক কঠোৰ হাতেৰে নিয়ন্ত্ৰণ নকৰিলে বিপদ অনিবাৰ্য বুলি মত প্ৰকাশ কৰি আক্ৰাছুৱে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে। তদুপৰি পলাতক মুস্তাফা আলিক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ব নকৰিলে আক্ৰাছু হাত সাৱটি বহি নথকাৰ হুংকাৰ প্ৰদান কৰি অভিযুক্তক আটক কৰিবলৈ যাওঁতে আৰক্ষী আৰু আক্ৰাছুৰ দলক একাংশ লোকে চোকা অস্ত্ৰৰে আক্ৰমনৰ প্ৰচেষ্টা কৰা কাৰ্যক গৰিহনা দি অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া কাৰ্যৰো গৰিহণা দিয়ে।
ইপিনে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে উক্ত ঘটনাক ঘৃণণীয় কাণ্ড বুলি অভিহিত কৰি দোষীৰ দৃষ্টান্তমুলক শাস্তিৰ দাবী উত্থাপন কৰিছে । নাৰীক মাতৃ আৰু দেৱীৰ দৰে সন্মান কৰাৰ সলনি নাৰীৰ ওপৰত নিৰ্যাতন কোনো কাৰণতে সহ্য কৰা উচিত নহয় বুলি মন্তব্য কৰি ছালাকাটি আৰক্ষী চকী থানালৈ উন্নত কৰাৰ বাবে দাবী উত্থাপন কৰাৰ লগতে ঢোলমাৰা এলেকাত আৰক্ষী চকী স্থাপন কৰাৰ দাবী উত্থাপন কৰিছে।
আনহাতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে ঘটনা সন্দৰ্ভত কয় যে অভিযোগ অনুসৰি ইতিমধ্যে এক গোচৰ (নং ২৪৭/২২) ৰজু কৰা হৈছে। ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৬৩/৩০৮/৩৭৬(৩) /৩৭৬ (ডি) ৩৭৬(এ)/ ৩৪ মৰ্মে আৰু পক্সো আইনৰ ধাৰা ৬ অনুসৰি গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰখা হৈছে আৰু ইতিমধ্যে তিনিওটা আচামীকে গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰখা হৈছে। আৰক্ষীয়ে আইন অনুসাৰে তদন্ত আগবঢ়াই নিব বুলি মন্তব্য কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে।