কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান উপ-আৰক্ষী চকীৰ অন্তৰ্গত বালাগাঁৱৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পথ দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী লোক গুৰুতৰ ভাৱে আহত হয়। জানিব পাৰ মতে, স্কুটী আৰু মটৰচাইকেলৰ মাজত সংঘৰ্ষৰ লগাত দুয়োগৰাকী লোক আহত হৈছে।
এএচ-১৬-ই-৩২৬০ নম্বৰৰ এখন স্কুটী বালাগাঁও অভিমুখে আহি থকা অৱস্থাত একেদিশৰ পৰা আহি থকা এএচ-১৫-ডি-২৫৫৯ নম্বৰৰ মটৰচাইকেলে তীব্ৰ বেগত খুন্দা মাৰে।
স্কুটী আৰু মটৰচাইকেলৰ মাজত হোৱা সংঘৰ্ষ লগাৰ ফলত দুয়োগৰাকী চালকে গুৰুতৰভাৱে আহত হয়। আহত হোৱা স্কুটীৰ চালকগৰাকী ডিয়াঝিজৰী গাঁৱৰ তথা কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মনোৰঞ্জন ব্ৰহ্ম (৫১) আৰু মটৰচাইকেলৰ চালকগৰাকী পুৱ জাওলিয়াপাৰাৰ অমৰ আলিৰ সন্তান সহিদুল আলি (১৯)।
প্ৰাপ্ত তথ্য অনুসৰি ডিয়াঝিজৰী গাঁৱৰ তথা কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মনোৰঞ্জন ব্ৰহ্মই ক’ৰোনা ডিউটি সামৰি স্কুটীৰে ঘৰলৈ উভতাৰ পথত বালাগাঁৱত পিছপিনৰ পৰা এএচ-১৫-ডি-২৫৫৯ নম্বৰৰ মটৰচাইকেলৰ চালকজনে স্কুটীখনক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।
দুৰ্ঘটনাৰ সময়ত মনোৰঞ্জন ব্ৰহ্মই নিজ ঘৰলৈ বুলি গড়কাপ্তানি পথৰ পৰা সোঁহাতে টাৰ্ণ লৈছিল আৰু স্কুটীৰ পিছে পিছে আহি থকা মটৰচাইকেলৰ চালকে নিয়ন্ত্ৰণ ৰাখিব নোৱাৰি স্কুটীখনক পিছপিনৰ পৰা খুন্দা মাৰে। ফলত দুয়োজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। পিছত ব্ৰহ্মৰ অৱস্থা সংকটজনক হৈ পৰাত উন্নত চিকিৎসাৰ বাবে এমআৰএম নাৰ্ছিংহোমলৈ প্ৰেৰণ কৰা হয়।