কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটিত যোৱা নিশা অচিনাক্ত দুষ্কৃতিকাৰীয়ে নিজকে কেএলঅ’ বুলি পৰিচয় দি ব্যৱসায়ী বিকাশ জৈনক(৩৫) পিষ্টলেৰে মূৰত আঘাত কৰি লুটপাত কৰা ঘটনাৰ পিছত আজি আৰক্ষীয়ে ঘটনাৰে জড়িত থকাৰ সন্দেহত পাঁচজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে আজি পুৱতি নিশা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা পাঁচজন যুৱকৰ ভিতৰত তিনিজনক প্ৰাক্তন কেএলঅ’ সদস্য বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত দুষ্কৃতিকাৰীকেইটা হ’ল ক্ৰমে বালাগাঁৱৰ শুনিৰাম ৰায়(২৫), ক্ষীৰেণ ৰয়(২৭), লালটাৰীৰ আত্মসমৰ্পণকাৰী কেএলঅ’ সদস্য হীৰক বৰ্মন ওৰফে সাগৰ(২৫), নয়াছাৰাৰ আত্মসমৰ্পণকাৰী কেএলঅ’ সদস্য ৰমানাথ বৰ্মন(৩৮) ওৰফে ভীম আৰু চান্দিয়াগাঁৱৰ আত্মসমৰ্পণকাৰী কেএলঅ’ সদস্য গৌতম ৰায়(২৮) ।
উল্লেখ্য যে, যোৱা নিশা ছজনীয়া অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ দলে ছালাকাটিত থকা ব্যৱসায়ী বিকাশ জৈনৰ দোকানত প্ৰবেশ কৰি ধনদাবী কৰে৷ ব্যৱসায়ীজনে ধন নাই বুলি কোৱাত দুষ্কৃতিকাৰীৰ দলটোৱে পিষ্টলেৰে বিকাশ জৈনৰ কপালত আঘাত কৰাৰ লগতে দোকানৰ কৰ্মচাৰী কৃষ্ণ বৰ্মনকো আক্ৰমণ কৰে৷ পিছত দুষ্কৃতিকাৰীৰ দলটোৱে দোকানৰ কেচ বক্সৰ পৰা প্ৰায় ১৫ হাজাৰ টকা লুট কৰি ঘটনাস্থলীৰ পৰা উধাও হয়৷ ইপিনে, ঘটনাৰ পিছতে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বত আৰক্ষীৰ এটি বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুষ্কৃতিকাৰীক বিচাৰি ব্যাপক অভিযান আৰম্ভ কৰিছিল৷ উক্ত অভিযানৰ ফলস্বৰূপে আৰক্ষীয়ে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা তিনি প্ৰাক্তন কেএলঅ’সহ পাঁচজনক আটক কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি কোকৰাঝাৰ সদৰ থানাৰ আৰক্ষীৰ জিম্মাত থকা আটকাধীন পাঁচজনকে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷