কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ দোতমাৰ লাভলী ৰেষ্টুৰেণ্টত চীনা ফাষ্টফুড চাওমিন খাই এগৰাকী ছাত্ৰই কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন দুগৰাকী ছাত্ৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাওমিন খাই কৰুণ মৃত্যুক আঁকোৱালি লোৱা দশম শ্ৰেণীত অধ্যায়নৰত ছাত্ৰজনক ভূমিধৰ ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে।
আনহাতে গুৰুতৰভাৱে অসুস্থ হৈ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আন দুজন ছাত্ৰ হ’ল ক্ৰমে পৰমেশ্বৰ ব্ৰহ্ম (স্নাতক বৰ্ষ) আৰু সত্যজিৎ ব্ৰহ্ম (নৱম শ্ৰেণী)।
চাওমিন খাই কৰুণ মৃত্যুক আঁকোৱালি লোৱা ভূমিধৰ ব্ৰহ্মৰ পিতৃ বিষ্টুচৰণ ব্ৰহ্মই আজি অভিযোগ কৰা মতে যোৱা ২৮ জুনৰ দিনা তিনি বন্ধুৱে দোতমা বজাৰস্থিত লাভলী ৰেষ্টুৰেণ্টত চাউমিন খোৱাৰ ক্ষন্তেক সময় পিছতে বমি কৰিবলৈ আৰম্ভ কৰে।
তেওঁলোকক প্ৰথমে দোতমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ আৰু পৰবৰ্তী পৰ্যায়ত ভূমিধৰ ব্ৰহ্ম আৰু সত্যজিৎ ব্ৰহ্মক বঙাইগাঁওৰ লৱাৰ আছাম হস্পিটাল আৰু ৰিছাৰ্জ চেণ্টাৰত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাতে ভূমিধৰ ব্ৰহ্মই সোমবাৰে অৰ্থাৎ ২৯ জুনৰ দিনা কৰুণ মৃত্যুক আঁকোৱালি লয় আৰু সত্যজিৎ ব্ৰহ্মৰ অৱস্থা বৰ্তমানেও সংকটমুক্ত নহয় বুলি জানিবলৈ দিয়ে।
আনহাতে পৰমেশ্বৰ ব্ৰহ্ম কোকৰাঝাৰৰ এমআৰএম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে পৰিয়ালৰ তৰফৰ পৰা দোতমা থানাত ৰজু কৰা গোচৰ (নং ৮/২০) অনুসৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী সুবোধ বৰগয়াৰীক আটক কৰিছে। ইয়াৰোপৰি খাদ্য পৰিদৰ্শক বিলিফাং বসুমতাৰীয়ে পৰীক্ষাৰ বাবে খাদ্যৰ নমুনা সংগ্ৰহ কৰিছে। চীনা চাওমিন খাই ছাত্ৰৰ কৰুণ মৃত্যুক কেন্দ্ৰ কৰি দোতমা এলেকাত উত্তেজনাৰ সৃষ্টি হৈছে।