কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ৮১৪ নং ছেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ তথা ছেদামাৰী গাঁৱৰ লবিন মুৰ্মু আৰু ধুনু মাৰ্ডীৰ সন্তান ভৱেন মুৰ্মুৱে (১০) আজি কৰুণ মৃত্যুক সাবটি লয়। অভিভাৱকৰ অজ্ঞাতে আজি বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতিয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নদীত গা ধুৱাবলৈ নিয়াৰ পৰিণতিতে গভীৰ পানীত পৰি ছাত্ৰজনৰ মৃত্যু হয়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মৃত ছাত্ৰগৰাকীৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা মতে, লক্ষীৰাম হাসদা নামৰ বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা গাঁৱৰ মুখীয়ালজনে আজি বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীক চম্পাৱতী নৈত গা ধুবলৈ লৈ যায়। বিদ্যালয়ৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ কোবাল সোঁতৰ চম্পাৱতী নৈত গা ধুবলৈ নিয়া কাৰ্যত অভিভাৱকৰ পৰা কোনো আগতীয়া সন্মতিও গ্ৰহণ কৰা নাছিল বিদ্যালয়খনে। অভিযোগ অনুসৰি দেওবাৰ হোৱা সত্বেও লক্ষীৰাম হাসদাই ছাত্ৰ-ছাত্ৰীসকলক ঘৰৰ পৰা মাতি নি গা ধুলে গা পৰিস্কাৰ হয় বুলি কৈ চম্পাৱতী নদীলৈ নিয়ে। কোনো ধৰণৰ সুৰক্ষা অৱিহনে ছাত্ৰ-ছাত্ৰীসকলক পানীত নমাই দিয়াত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয়। দুই-এজন ছাত্ৰই সাঁতুৰিবলৈ জানে যদিও একাংশই সাঁতুৰিবলৈ নজনা সত্বেও পানীত নামি পৰে আৰু চম্পাৱতী নদীৰ মাজলৈ গুচি যায়। তেনে এক পৰিৱেশৰ মাজতে মেধাৱী ছাত্ৰ তথা পঞ্চম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰ ভৱেন মুৰ্মু চম্পাৱতীৰ বুকুত ডুব যায়। মুহূৰ্ততে এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় আৰু স্থানীয় জনতাই পানীৰ পৰা উদ্ধাৰ কৰি এম্বুলেঞ্চযোগে ভৱেন মুৰ্মুক বালাজান চিকিৎসালয়ৈ নিয়ে যদিও চিকিৎসকে ছাত্ৰজনক মৃত বুলি ঘোষণা কৰে। উক্ত ঘটনাটোৱে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু অভিভাৱকে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।
প্ৰণিধানযোগ্য যে ৮১৪ নং ছেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় কৰ্তৃপক্ষই হাৰাশাস্তি কৰে বুলি আজি একাংশ অভিভাৱকে অভিযোগ কৰিছে। বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় বন্ধৰ দিন থাকিলেও ঘৰৰ পৰা মাতি নি গা ধুৱায় আৰু বিদ্যালয় পৰিস্কাৰকৰণত লগাই দি সেই ফটো-ভিডিঅ’ ফেচবুকত আপলোড কৰে বুলি অভিভাৱকে অভিযোগ কৰিছে। গুণোৎসৱত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই এনেবোৰ কাৰ্যত লিপ্ত হয় বুলি অভিযোগ কৰি কণমানি ছাত্ৰ ভৱেন মুৰ্মুৰ মৃত্যুৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে অভিভাৱকসকলে।
ইপিনে, ৩০ বিছনাযুক্ত বালাজান সামূহিক চিকিৎসালয়ত আজিও চিকিৎসা কৰ্মী নথকাৰ অভিযোগ উত্থাপিত হৈছে। সাধাৰণতে বিয়লি হ’লেই বালাজান চিকিৎসালয়ত কোনোধৰণৰ কৰ্মচাৰী নথকাটো এটা পৌৰাণিক নিয়মত পৰিণত হৈছে। অক্সিজেন দি এম্বুলেঞ্চত লৈ অহা কণমানি ছাত্ৰ মুমুৰ্ষ ভৱেন মুৰ্মুৰ আত্মীয়সকলে বহু সময় চিকিৎসক-নাৰ্ছ বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। তেনে অৱস্থাতে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়লৈ নিয়াৰ যো-জা কৰোতে এগৰাকী চিকিৎসকক কোৱাৰ্টাৰৰ পৰা মাতি অনা হয় আৰু চিকিৎসকে পৰীক্ষা কৰি ভৱেন মুৰ্মুক মৃত বুলি ঘোষণা কৰে।