কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে সংগঠনটোৰ সপ্তদশ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ভোটগাঁৱত উদযাপন কৰে৷ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি পুৱা ছাত্ৰ সংগঠনটোৰ ভোটগাঁৱস্থিত মুখ্য কাৰ্যালয়ত এবিএমছুৰ সাংগঠনিক পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইছলামে৷ প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি সমূহীয়া দোৱা আৰু বিয়লি মুকলি সভাও শংকৰ আজান ভৱনত অনুষ্ঠিত হয়৷ এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইছলামে পৰিচালনা কৰা মুকলি সভাত এবিএমছুৰ প্ৰতিষ্ঠাপক সভাপতি মইনুল হক, এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুচেইন আৰু আমন্ত্ৰিত অতিথি হিচাপে নামনি অসম উকীল সন্থাৰ সভাপতি এন.আই চৌধুৰী, সদৌ ভাৰত ছাত্ৰ সন্থাৰ সভাপতি সুব্ৰত তালুকদাৰ আৰু কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ আজিজুৰ ৰহমান, এবিএমছুৰ মুখ্য উপদেষ্টা জবান আকন্দ আৰু জিলা সভাপতি নজৰুল ইছলাম উপস্থিত থাকে৷ সাংবাদিকৰ আগত এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলামে অসমত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক সন্দেহজনক নাগৰিক বুলি তুচ্ছ-তাচ্ছিল্য কৰি অৱমাননা কৰা কাৰ্যকলাপক কঠোৰ ভাষাৰে নিন্দা কৰে। নামনি অসমৰ ধুবুৰী জিলাত উগ্ৰ হিন্দুত্ববাদী নেতাই ১২ লাখ বাংলাদেশী থকা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আশ্ৰাফুল ইছলামে এনআৰচি আৰু ভাৰত বাংলাদেশ সীমা সুৰক্ষিত কৰিবলৈ আহ্বান জনায়৷ আনহাতে কেন্দ্ৰীয় সাধাৰণ সম্পাদক সম্পাদক টাইছন হুছেইনে বিজেপি আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচিৰ চৰকাৰখনকো ক্ষুৰধাৰ সমালোচনা কৰি প্ৰমোদ বড়োক জনগোষ্ঠীৰ আশা আকাংক্ষা পুৰণত সমূলি ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি প্ৰমোদ বড়োক প্ৰতাৰক নেতা বুলি আখ্যা দিয়ে৷ বিটিআৰ অঞ্চলৰ ভূমিৰ অধিকাৰ আৰু নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ এবিএমছু দৃঢ় প্ৰতিজ্ঞ আৰু ৰমজান মাহৰ পিছত তীব্ৰতৰ আন্দোলণত নমাৰ হুংকাৰ দিয়ে৷ এনআৰচিৰ পুনঃনিৰীক্ষণ কৰিলে সেয়া হ’ব জনতাৰ ওপৰত কৰা বাৰাম্বাৰ হাৰশাস্তি আৰু সেয়া কোনোপধ্যে সহ্য কৰা নহ’ব বুলি মন্তব্যৰে টাইছন হুছেইনে। উল্লেখ্য যে, এবিএমছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি সন্ধিয়া সমূহীয়া ইফতাৰো কৰে ছাত্ৰ সংগঠনটোৱে।