May 25, 2022, 12:46 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

কোকৰাঝাৰত উদযাপিত বিশ্ব পৰিৱেশ দিৱস

Reporter Name
  • Update Time : Friday, June 5, 2020
  • 92 Time View

কোকৰাঝাৰঃ অপৰূপ সৌন্দৰ্যৰ অধিকাৰী ধৰণী ধুনীয়া । ফুলে ফলে জাতিষ্কাৰ এই পৃথিৱী। প্ৰকৃতি অবিহনে জীৱন বৃথা । প্ৰকৃতি অবিহনে কোনেও বাচি থাকিব নোৱাৰে। বিনন্দীয়া পৃথিৱীৰ অপৰূপ সৌন্দৰ্যই সকলোকে মোহিত কৰে । প্ৰদুষণমুক্ত প্ৰকৃতিয়ে প্ৰাণৱোন্ত কৰি ৰাখে মন শৰীৰ।

বিশেষকৈ নামনি অসমৰ অন্যতম পৰ্যটনথলী কোকৰাঝাৰ জিলাৰ অপৰূপ সৌন্দৰ্যই পৰ্যটককৰ লগতে জিলাৱাসীক সদায়ে মোহিত কৰি আহিছে । কিন্তু এনে পৰিৱেশ সদায়ে অক্ষুণ্ণ থাকিবনে ? যি হাৰত বনধ্বংস , অৰণ্যধ্বংস আৰম্ভ হৈছে ভৱিষ্যত প্ৰজন্মই বাৰু প্ৰকৃতিৰ এই অনাবিল সৌন্দৰ্য উপভোগ কৰিব পাৰিব নে ? নে মাথো সাধুকথা হে ? এসময়ত ইয়াত এখন অৰণ্য আছিল!

কিন্তু এনে এক সংকটময় পৰিৱেশৰ মাজতো উদযাপিত হ’ল বিশ্ব পৰিৱেশ দিৱস । কোকৰাঝাৰ জিলাৰ ভিন্ন প্ৰান্ততো উদযাপিত হ’ল পৰিৱেশ দিৱস । সকলোৱে গছ ৰুব , মাথো দিৱস উদযাপন কৰিবলৈকে । তাৰে দুই এডাল গছ হয়তো বাচিব , অধিকাংশই মৰহি যাব । প্ৰতিবছৰে পৰিৱেশ দিৱস আহিব , উদযাপিত হব পৰিৱেশ দিৱস কিন্তু পৰিৱেশ ৰক্ষা পৰিবনে ?

পৰিৱেশৰ প্ৰতি সচেতনতা নাথাকিলে দিৱস উদযাপন কৰি কাহানিও ৰক্ষা নপৰিব পৰিৱেশ । বিশ্ব পৰিৱেশ দিৱসত সকলোৰে এটাই আশা প্ৰকৃতি হৈ থাকক বিনন্দীয়া , চিৰদিনে অম্লান হৈ থাকক ফুলে-ফলে জাতিষ্কাৰময় হৈ থকা সেউজ পৃথিৱী । ধুনীয়া ধৰণীয়ে মতলীয়া কৰি ৰাখক আমাৰ শৰীৰ-মন -যৌৱন।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে