বঙাইগাঁওঃ মাৰাং বুৰু (পাৰছনাথ পৰ্বত) অনতিপলমে ভাৰতৰ সান্তাল আদিবাসীসকলক ওভতাই দিয়া, সাধাৰণ ধৰ্ম কড অভিলম্বে লোকপিয়ল জনগণাত অন্তর্ভুক্ত কৰা আদি বিভিন্ন দাবীত আজি বি-টি-এ-ডি এলেকাৰ ৰাজধানী কোকৰাঝাৰত ৩ ঘণ্টীয়া অৱস্থান কাৰ্যসূচীৰে উত্তাল কৰি তোলে কোকৰাঝাৰ জিলা আদিবাসী সেংগেল(সশক্তিকৰণ) অভিযান সমিতিয়ে৷ কোকৰাঝাৰ চহৰৰ শিশু উদ্যানত এই উপলক্ষে কোকৰাঝাৰ জিলা আদিবাসী সেংগেল (সশক্তিকৰণ) অভিযান সমিতিৰ বি টি আৰ জোনেল সমিতিৰ হেড সোনিৰাম মুৰ্মুৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানৰে উত্তাল কৰি তোলে কোকৰাঝাৰৰ আকাশ-বতাহ ৷ পিছত কোকৰাঝাৰ জিলা আদিবাসী সেংগেল (সশক্তিকৰণ) অভিযান সমিতিৰ সভাপতি স্বাক্ষৰিত দাবী সম্বলিত এখন স্মাৰক পত্ৰ উপায়ুক্তৰ যোগেদি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে ৷