March 24, 2023, 1:13 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কোকৰাঝাৰত আছুৰ সভাপতি দীপাংক, অইল-চৰকাৰৰ গাফিলতিৰ বাবে সংঘটিত হৈছে বাঘজান কাণ্ড

Reporter Name
  • Update Time : Monday, June 15, 2020
  • 146 Time View

কোকৰাঝাৰঃ চৰকাৰ আৰু অইল কৰ্তৃপক্ষৰ গাফিলতিত বাঘজান ঘটনা সংঘটিত হৈছে। অইল কৰ্তৃপক্ষ আৰু চৰকাৰে গেছ নিৰ্গমনৰ প্ৰাৰম্ভিক অৱস্থাতে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হলে আজিৰ এই দুৰৱস্থা সংঘটিত নহলহেতেন। এই মন্তব্য আছুৰ সভাপতি দীপাংক নাথৰ। কোকৰাঝাৰ জিলাৰ কালিপুখুৰী অঞ্চলৰ বেণীবাৰী নিৱাসী আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ছাবেন ৰায়ৰ অসুস্থতাৰ খবৰ লবলৈ আহি আছুৰ সভাপতি দীপাংক নাথ উক্ত মন্তব্য কৰে।

দীৰ্ঘদিনৰ পৰা অসুস্থতাত হৈ থকা ছাবেন ৰায়ৰ শাৰীৰিক অৱস্থাৰ বুজ লৈ দীপাংক নাথে প্ৰয়োজনবশত ছাবৰন ৰায়ৰ চিকিৎসাৰ খৰছ আছুৱে বহন কৰিব বুলি সদৰি কৰিছে। বাঘজান ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি চৰকাৰ আৰু অইল কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতা বিনষ্ট হৈছে। বাঘজান দুৰ্ঘটনাত নিহত পৰিয়ালৰ নিকটাত্মীয়লৈ সংস্থাপন আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপুৰণ দিয়াৰো দাবী উত্থাপন কৰিছে আছুৰ সভাপতি দীপাংক নাথে।

ইপিনে গণনিগ্ৰহৰ ঘটনা দিনকদিনে বৃদ্ধি পোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰি দীপাংক নাথে কয় যে এনে ঘটনা বিলোপ হবলৈ হলে প্ৰথমেই মানুহৰ মানসিকতাৰ পৰিবৰ্তন হব লাগিব। এনে কেবাটাও ঘটনা সংঘটিত হোৱা সত্বেও চৰকাৰৰ গা নলৰাটো অতিকে দুৰ্ভাগ্যজনক বুলি মন্তব্যৰে গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হোৱা ঘটনাটোৱে চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছে। দোষীসকলক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰি দীপাংক নাথে। তদুপৰি দীপাংক নাথে বিগত ৫বছৰে একো উন্নয়ন নহল আৰু বহু অঞ্চলত আজিলৈকে বিজুলী, ৰাস্তা-ঘাট নিৰ্মান নোহোৱাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ছাবেন ৰায়ৰ অসুস্থতাৰ খবৰ লবলৈ বেণীবাৰীত উপস্থিত হোৱা আছুৰ সভাপতি দীপাংক নাথৰ সতে আছুৰ সহঃ সাধাৰণ সম্পাদক নৱজ্যোতি ৰায় আৰু জিলা আছুৰ কৰ্মকৰ্তাসকল উপস্থিত আছিল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে