মানিকপুৰঃ বঙাইগাঁও জিলাত এগৰাকী পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে কেইবাগৰাকী সদস্যই প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ কোকিলা গাঁও পঞ্চায়তৰ সভাপতি আব্দুছ ছাত্তাৰৰ বিৰুদ্ধে পঞ্চায়তৰ ৮গৰাকী সদস্যই স্থানীয় ৰাইজৰ সহযোগত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ সভাপতি আব্দুছ ছাত্তাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি অপসাৰণৰ দাবী জনায় ৮গৰাকী সদস্যই৷
উল্লেখ্য যে, কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছিল পঞ্চায়ত সভাপতি আব্দুৰ ছাত্তাৰে৷ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই পঞ্চায়ত সভাপতিৰ বিভিন্ন অসামাজিক কৰ্ম-কাণ্ডৰ তথ্য পোহৰলৈ আনিছিল৷ তাৰ পিছতে পঞ্চায়তৰ ৮গৰাকী সদস্যই সভাপতিজনৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষক প্ৰেৰণ কৰিছে। তাৰ পিছতে ৮গৰাকী সদস্যই শীঘ্ৰেই সভাপতিজনৰ বিৰুদ্ধে গ্ৰহণ কৰা অনাস্থা প্ৰস্তাৱ কাৰ্যকৰী কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।