জল্পনা-কল্পনাৰ অন্ত পেলাই বিটিচিৰ এটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ ২২নং কোকলাবাৰী (এছটি) সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ বিগত পৰিষদীয় নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী ধীৰেন বড়োক পৰাস্ত কৰি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে জয়ী হৈছিল সমষ্টিটোত৷ প্ৰমোদ বড়োৱে আন এটা সমষ্টি গৈবাৰীত জয়ী হয়৷ দুটা সমষ্টিত জয়ী হোৱাৰ ফলত পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আছিল যদিও বিভিন্ন কাৰণত সমষ্টিটোত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল৷ যাৰ ফলত আজি ৰাজ্যিক নিৰ্বাচন আয়োগে ২২নং কোকলাবাৰী (এছটি) সমষ্টিত নিৰ্বাচনৰ দিন ঘোষণা কৰে৷ বিটিচিৰ ২২নং কোকলাবাৰী সমষ্টিত ৮ জুনত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ১২ জুনত হ’ব ভোট গণনা। ২৩ মে’ত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু ২৪ মে’ত মনোনয়ন পত্র পৰীক্ষা কৰিব নিৰ্বাচন বিভাগে। ২৬ মে’ পৰ্যন্ত মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। সমষ্টিটোত মুঠ ভোট কেন্দ্র ৯০৬টা। ইয়াৰে ভিতৰত ৫৭টা ভোট কেন্দ্র অতি স্পৰ্শকাতৰ।