February 9, 2023, 2:38 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস উত্তৰাখণ্ডত ভাইৰেল ফিভাৰত আক্ৰান্ত ৪২ জনকৈ স্কুলীয়া শিক্ষাৰ্থী দেওলীয়া আদানিৰ হাতত এতিয়া কি কি আছে? ৰাষ্ট্ৰীয় মহিলা কাবাদী খেলুৱৈৰ প্ৰশিক্ষক বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ ভুৱা এনকাউণ্টাৰ কৰি মূল্য ভৰিলে পুলিচে বন বিভাগৰ গাফিলতিৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি গঁড়ৰ মৃত্যু

কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ অধিকাৰৰ সংগ্ৰামী জননেতা নেতা ফণী মেধিক স্মৰণ

Reporter Name
  • Update Time : Monday, June 6, 2022
  • 70 Time View

অভয়াপুৰীঃ সমাজৰ দুখীয়া-নিপীড়িতৰ হকে আজীৱন সংগ্ৰামত অৱতীৰ্ণ সংগ্ৰামী কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দীঘলীয়া সংগ্ৰামখনৰ হোতাগৰাকীক স্মৰণ৷ মৃত্যুৰ প্ৰায় দুটা দশকৰ পাছত বিপ্লৱীগৰাকীক প্ৰতিবছৰে স্মৰণ কৰা হয়৷ সোমবাৰে অভয়াপুৰীৰ সৃজনগ্ৰামত সাম্যবাদী নেতা, প্ৰাক্তন বিধায়ক তথা কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনপ্ৰিয় নেতা ফণী মেধিক স্মৰণ। মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভাত গুণমুগ্ধই বিপ্লৱী নেতাগৰাকীৰ সংগ্ৰামৰ ৰোমাঞ্চকৰ কাহিনী, গণমুখী আদৰ্শ আৰু আপোচ বিহীনতাক ৰোমন্থন কৰে। অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত ফণী মেধিৰ সহধৰ্মিনী ৰেণু মেধি, বিশিষ্ট সাহিত্যিক সুপৰ্ণা লাহিড়ী বৰুৱা, গল্পকাৰ ডালিম দাস, কবি মৰমী বৰঠাকুৰ তালুকদাৰ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰোহিণী কুমাৰ চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

উল্লেখ্য যে, ২০০৫ চনৰ ৬ জুনত চাংসাৰিত এক পথ দুৰ্ঘটনাত পতিত হৈ আজন্ম সংগ্ৰামী তথা কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ অগ্ৰণী নেতা ফণী মেধিৰ দেহাৱসান ঘটিছিল। কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে অন্যান্য দাবী সম্পৰ্কত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে আলোচনা কৰিবলৈ যোৱাৰ পথতে প্ৰাণ হেৰুৱাই মেধিয়ে। জীৱনকালত খাটিখোৱা লোকৰ হকে মাত মাতি সংগ্ৰামৰ অনন্য নিদৰ্শন ৰাখি যোৱা ফণী মেধিৰ জন্ম হৈছিল ১৯৩৭ চনত উত্তৰ খামাৰপাৰাৰ এটা দৰিদ্ৰ পৰিয়ালত। ছাত্ৰ জীৱনত মেধাৰ পৰিচয় দিয়া ফণী মেধি আছিল অভয়াপুৰী মহাবিদ্যালয়ৰ কৃতী ছাত্ৰসকলৰ ভিতৰত অন্যতম।

ছাত্ৰাৱস্থাৰে পৰা সাম্যবাদী মতাদৰ্শত বিশ্বাসী মেধি আছিল ভাৰতীয় কমিউনিষ্ট দলৰ সক্ৰিয় কৰ্মী। পৰৱৰ্তী সময়ত তেওঁ চিপিআই (এম-এল) দলৰ সদস্যভুক্ত হয়। নক্সালবাৰী আন্দোলনৰ নেতৃত্ব দিয়া সংগঠনটোৰ কৰ্মী হিচাপে ফণী মেধিয়ে চৰকাৰ-প্ৰশাসনৰ পৰা বিভিন্ন হাৰাশাস্তি সহিবলগীয়া হৈছিল।

১৯৭১ চনত তেওঁক প্ৰথমবাৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। ১৯৭৩ চনত মেধিয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে যদিও ইন্দিৰা গান্ধীয়ে জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ সময়ত দ্বিতীয়বাৰৰ বাবে কয়দীৰ সাজ পিন্ধিবলগীয়া হয়। ১৯৭৫ চনত কুখ্যাত ‘Maintenance of Internal Security Act’ৰ অধীনত কাৰাবান্দী কৰা হয় সংগ্ৰামী নেতাজনক। জৰুৰীকালনী অৱস্থাৰ অন্তত ১৯৭৮ চনৰ বিধানসভা নিৰ্বাচনত অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফণী মেধি। এক অস্থিৰ ৰাজনৈতিক পৰিৱেশত বিধায়ক হিচাপে দায়িত্ব পালন কৰা মেধিয়ে জনগণৰ সমস্যাৰ হকে সদায় সৰৱ ভূমিকা পালন কৰিছিল। সমষ্টিটোৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু মানুহ গঢ়াৰ আঁৰৰ মানুহজন আছিল ফণী মেধি। এগৰাকী শিক্ষক, অধিবক্তা, কবি-লেখক, অভিনেতা হিচাপেও এইগৰাকী বৰেণ্য ব্যক্তিক শ্ৰদ্ধাৰে স্মৰণ কৰে অঞ্চলবাসীয়ে।

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে