জয়ন্ত মুদৈ, বেবেজীয়াঃ অসমৰ ভূমিপুত্র কৈৱৰ্ত সকলৰ অন্যতম সামাজিক অনুষ্ঠান কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা অসমৰ নগাঁও জিলা সমিতিখন দেওবাৰে গঠণ কৰা হয়। সেই উদ্দেশ্যে নগাঁও চহৰৰ ফৌজদাৰিপট্টি বৰ নামঘৰ প্ৰাংগনত অনুষ্ঠিত প্ৰতিনিধি মূলক সভাত সভাপতিত্ব কৰে অনুষ্ঠানটিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, বিশিষ্ট সাহিত্যিক সুতৰাম দাসে। সভাত সাংগঠনিক দিশৰ ওপৰত বক্তব্য ৰাখে সাহিত্যিক পেঞ্চনাৰ সত্যহাস দাস, কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হেমন্ত কুমাৰ দাস, কাৰ্যকৰী সভাপতি তিলক চন্দ্ৰ দাস, ভদ্ৰকান্ত দাস, অজিত প্ৰতিম দাস, মুকুণ্ড দাসে। কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিতুল দাসে উদ্দেশ্য ব্যাখ্যা আৰু সহকাৰী সম্পাদক কমল দাসে আঁত ধৰা এই সভাতে সমগ্ৰ নগাঁও জিলাৰ সকলো কৈৱৰ্ত গাঁৱক সামৰি কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ নগাঁও জিলা সমিতি গঠনৰ পোষকতা কৰি ৰেৱ দাসক সভাপতি, হেমপদ দাস আৰু মুকুণ্ড দাসক উপ সভাপতি, ৰাহুল দেৱ বৰদলৈক সম্পাদক, জ্যোতিকা দাস আৰু পল্লৱ কুমাৰ দাসক সহ সম্পাদক হিচাবে লৈ এখনি জিলা সমিতি গঠন কৰে। এই সভাতে অহা ১৬ মেত হব লগা মহীয়সী নাৰী সতী ৰাধিকা উৎসৱটি নগাঁৱতে কেন্দ্ৰীয় ভাৱে উদযাপনৰ বাবে প্ৰস্তুতি কৰা বুলি সংবাদ মাধ্যমক জনায়।