ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ যোৱা ৩১ মে’ত কলকাতাত এটা লাইভ কনচাৰ্টত প্ৰদৰ্শন কৰাৰ পিছত মৃত্যুবৰণ কৰিছিল জনপ্ৰিয় গায়ক কেকেই। বহু জনপ্ৰিয় গীতেৰে শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হোৱা কেকেৰ মৃত্যুৱে অনুৰাগী সকলোকো দুঃষিত কৰিছিল। মৃত্যুৰ পিছতো অনুৰাগীৰ হৃদয়ত সুকীয়া স্থান কৰি আছে কেকেই। শেহতীয়াকৈ মৃত্যুৰ পিছত শিল্পীগৰাকীৰ ইনষ্টাগ্ৰাম প্ৰফাইল সলনি হৈছে।
১৫ জুলাইত কেকেৰ পৰিয়ালৰ লোকে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এটা নতুন প্ৰ’ফাইল ফটোৰ সৈতে এটা হৃদয় বিহ্বল কৰা টোকা পোষ্ট কৰিছিল। বৃহস্পতিবাৰে, কে.কে.-ৰ পত্নী জথয় কৃষ্ণই ইনষ্টাগ্ৰামত গৈ গায়কৰ সৈতে এখন ৰং কৰা ফটো পোষ্ট কৰে আৰু লগতে এটা ধুনীয়া টোকা পোষ্ট কৰে।