বিশ্বনাথৰ পৰা জোনমণি বেগমঃ মষ্ট ৱাণ্টেড গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰশাসনে৷ ব্ৰহ্মপুত্ৰৰ বিশ্বনাথঘাটৰ সমীপৰ পানী যুঁৱলিত উদ্ধাৰ নালকুৰ মৃতদেহ৷ বিশ্বনাথৰ নদী আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো৷ বিশ্বনাথৰ উপ-আৰক্ষী অধীক্ষকসহ দণ্ডাধীশৰ ঘটনাস্থলীত উপস্থিত হয়৷ কেৰলাত গ্ৰেপ্তাৰ হোৱা নালকুৱে ১৭ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথ আৰক্ষীৰ জিম্মাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি পলায়ন কৰিবৈল প্ৰয়াস কৰিছিল৷ লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খৰ্গৰ সম্ভেদ দিবলৈ বিশ্বনাথঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ নি থকাৰ সময়তে আন্ধাৰৰ সুযোগ লৈ সেই নিশা হেণ্ডকাপসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাপদি পলায়ন কৰিছিল নালকুৱে৷ গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৰ সন্ধানত আৰক্ষী-NDRF-এ অভিযান চলাইছিল যদিও আজি সন্ধিয়া ৭ দিনৰ মূৰত উদ্ধাৰ হয় মৃতদেহ৷