March 30, 2023, 4:11 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কোৱিড-১৯ৰ অন্যতম যোদ্ধা আৰক্ষী-চিকিৎসকৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰী সোণোৱালৰ

Reporter Name
  • Update Time : Thursday, July 2, 2020
  • 158 Time View

গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত সম্পূৰ্ণ লক-ডাউন পালন কৰি জনসাধাৰণ ঘৰত আৱদ্ধ হৈ পৰাৰ সময়তে গুৱাহাটী আৰক্ষীয়ে দিনে-নিশাই কৰ্তব্য পালন কৰিছে৷ ৰদে-বৰষুণে ৰাজপথত থিয় দি থাকি ৰাজপথত ওলাই অহা গাড়ীসমূহ তালাচী চলোৱাৰ লগতে লক-ডাউন সফল কৰিবলৈ ব্যস্ত গুৱাহাটী আৰক্ষী৷ গুৱাহাটী আৰক্ষীয়ে আৰ্তজনক সহায়-সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে৷

এই সকল গুৱাহাটী মহানগৰীৰ আৰক্ষীক উৎসাহিত কৰিবলৈ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজপথলৈ ওলাই আহে৷ গুৱাহাটীৰ ৰাজপথত সোণোৱালে আৰক্ষীসকলে নিষ্ঠাসহকাৰে দায়িত্ব পালন কৰাৰ বাবে আন্তৰিক ধন্যবাদ যাচে৷ বুধবাৰে গধূলি গুৱাহাটীৰ জু-ৰোডত কৰ্তব্যৰত আৰক্ষীসকলক ধন্যবাদ যাচি মত বিনিময় কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷ সোণোৱালে কয় ‘‘আৰক্ষীসকল সমাজৰ দায়িত্বশীল প্ৰহৰী। বৰ্তমান কোৱিড-১৯ বিৰোধী যুঁজৰ প্ৰত্যাহ্বানৰ মাজতো অসম আৰক্ষীয়ে সদাসষ্টম হৈ ৰাইজৰ সুৰক্ষাৰ বাবে অগ্ৰণী ভূমিকা পালন কৰি আছে।’’

আনহাতে কোৱিড-১৯ৰ মহামাৰীৰ সৈতে যুঁজ দিয়া অন্যতম যোদ্ধা চিকিৎসসকলৰ সৈতেও মত বিনিময় কৰে সোণোৱালে৷ চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকলৰ সৈতে মত-বিনিময় কৰি সোণোৱালে কয় ‘‘চিকিৎসকসকল হৈছে জীৱনদায়িনী দূতসদৃশ আৰু মহামাৰী কোৱিড-১৯ বিৰোধী যুঁজত তেখেতসকল আমাৰ মূল শক্তি। এই ‘চিকিৎসক দিৱস’ত আহক আমি সকলোৱে তেখেতসকলৰ কাষত থিয় হৈ উৎসাহিত কৰোঁ আৰু সমাজৰ প্ৰতি আগবঢ়াই অহা অমূল্য সেৱাৰ বাবে কৃতজ্ঞতা জনাওঁ।’’

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে