বোকাখাতঃ বোকাখাতৰ চিএনবি মহাবিদ্যালয়স্থিত কোৱাৰাণ্টাইন কেন্দ্ৰত কোৱাৰাণ্টাইন হৈ ঘৰলৈ অহা এজন যুৱকৰ শৰীৰত কোৱিড-১৯ ধৰা পৰাৰ ঘটনাই বোকাখাতত আতংকৰ সৃষ্টি কৰিছে৷ কোৱিড-১৯ ধৰা পৰা যুৱকজন বোকাখাত মহকুমাৰ কুৰুৱাবাহীৰ ৰঙাগড়াপাৰ গাঁৱৰ সাধন দাস বুলি জানিব পৰা গৈছে৷ সাধন দাসে গুজৰাটৰ পৰা আহি বিগত ১৫ দিন বোকাখাতৰ চিএনবি মহাবিদ্যালয়ত কোৱাৰাণ্টাইন হৈ আছিল৷
কোৱাৰাণ্টাইনৰ সময় উকলি যোৱাত যোৱা ১০ জুনত যুৱকজনক প্ৰশাসনে গাড়ীৰে ৰঙাগড়াপাৰস্থিত নিজ ঘৰত থৈ গৈছিল৷ কিন্তু আজি দুপৰীয়া যুৱকজনক বোকাখাতৰ আৰক্ষীয়ে মহকুমা দণ্ডাধীশৰ উপস্থিতিত ১০৮ এম্বুলেন্সেৰে গোলাঘাটলৈ প্ৰেৰণ কৰাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয়৷
যুৱকজনে যোৱা নিশা পৰিয়ালৰ লগত কটোৱাৰ লগতে বন্ধুৰ সৈতেও আড্ডা মাৰিছিল৷ বোকাখাত মহকুমা প্ৰশাসনে সম্প্ৰতি সাধন দাসৰ বাসগৃহ কণ্টেইনমেন জ’ন হিচাবে ঘোষণা কৰিছে৷ সাধন দাসৰ নমুনা পূৰ্বে পৰীক্ষা যদি কৰা হৈছিল নে নাই তাকেই লৈ উত্থাপন হৈছে৷ যদি কোৱিড-১৯ৰ পৰীক্ষা কৰিছিল আৰু ফলাফল অহাই নাছিল তেন্তে যুৱকজনক কিয় নিজৰ ঘৰত আহিব দিয়া হৈছিল বুলি স্থানীয় লোকে প্ৰশ্ন উত্থাপন কৰিছে৷
উল্লেখ্য যে, কুৰুৱাবাহী তিনিআলিৰ হোম কোৱাৰাণ্টাইন হোৱা নিধি গুপ্তা নামৰ এগৰাকী ছাত্ৰীৰ শৰীৰতো কোৱিড-১৯ ধৰা পৰিছিল৷ সম্প্ৰতি সাধন দাস আৰু নিধি গুপ্তাক গোলাঘাটত চিকিৎসা কৰি থকা হৈছে৷