বিগত দুবছৰীয়া কোভিডকালত মটৰ শ্ৰমিকক চৰকাৰে কোনো ধৰণৰ সাহায্য প্ৰদান নকৰাত সদৌ অসম মটৰ শ্ৰমিক সন্থাই ৪৮ ঘণ্টীয়া চকা বন্ধ ঘোষণা কৰিছে৷ বাণিজ্যিক বাহনৰ চালক আৰু কণ্ডাক্টৰসকলে তীব্ৰ আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হোৱাৰ অভিযোগ আনি চৰকাৰে কোনোধৰণৰ সহায় নকৰাৰ লগতে চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ আনি বন্ধৰ সিদ্ধান্ত লয়৷ ৰাজহুৱা পৰিবহন ২৮ আৰু ২৯ মাৰ্চত ৰাস্তাৰ পৰা আঁতৰি থাকিব। সদৌ অসম মটৰ শ্ৰমিক সন্থাই সমানে বাণিজ্যিক মটৰৰ কৰ্মী, মালিকসকলক ৰাজ্য চৰকাৰে অত্যাচাৰ কৰাৰো অভিযোগ আনি দুদিনীয়া ধৰ্মঘটৰ আহ্বান জনাইছে। বিবৃতিত যোগে কয় যে কোভিডকালত লকডাউনৰ ফলত যোৱা দুবছৰত তীব্ৰ আৰ্থিক দুৰ্দশাৰ সন্মুখীন হোৱা বাণিজ্যিক বাহনৰ চালক আৰু কণ্ডাক্টৰসকলক কোনোধৰণৰ সমৰ্থন প্ৰদান কৰাত ব্যৰ্থ হৈছে অসম চৰকাৰ। লকডাউনৰ বাবে বাহনৰ পৰা কোনো উপাৰ্জনৰ পৰিৱৰ্তে লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। চৰকাৰে অৱকাশ দিয়াৰ সলনি বাহনৰ ওপৰত জৰিমনা আৰু কৰ আৰোপ কৰি আছে। বিধানসভাত এখন মটৰ শ্ৰমিক কল্যাণ আঁচনি প্ৰৱৰ্তন কৰা হৈছিল কাৰ্যকৰী হোৱা নাই। কোনো বিত্তীয় সমৰ্থন অবিহনে চৰকাৰে কৰা এনে কাম অতিকৈ গৰিহণাযোগ্য।