March 25, 2023, 5:10 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কোনে মেৰামতি কৰিব কুৰুৱাবাহী-ব্ৰাহ্মণগাঁও চাৰিআলি পথ, যমৰ যাতনা ভূগিছে ৰাইজে

Reporter Name
  • Update Time : Saturday, August 22, 2020
  • 146 Time View

বেবেজীয়াঃ নগাঁও জিলাৰ কুৰুৱাবাহী-গেদাৰবড়ি-ব্ৰাহ্মণগাঁও চাৰিআলি গড়কাপ্তানী পথৰ কদৰ্য ৰূপে যমৰ-যাতনা ভোগাইছে বটদ্ৰৱা বিধানসভা সমষ্টিৰ পূৱ-হাতীচোং অঞ্চলৰ লোকক৷ নগাঁও জিলাৰ নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ তথা বটদ্ৰৱা উপ-সংমণ্ডলৰ অন্তৰ্গত কুৰুৱাবাহী-গেদাৰবড়ি-ব্ৰাহ্মণগাঁও চাৰিআলি গড়কাপ্তানী পথত এতিয়া গাড়ী-মটৰ দূৰৰ কথা সাধাৰণ লোকৰ বাবে খোজকঢ়াৰ পৰিবেশ নোহোৱা হৈছে৷

বিধ্বস্ত পথটোৱে গঞাক জ্বলা-কলা খুৱাই অহাৰ পিছতো বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকাই আজিলৈ পথটো মেৰামতি কৰাত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ পূৱ-হাতীচোং অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে বেবেজীয়া, নগাঁও চহৰকে প্ৰমুখ্য কৰি বিভিন্ন ঠাইলৈ যাতায়াত কৰাৰ একমাত্ৰ ভৰষা এই পথটোৰ অৱস্থা এতিয়া শোচনীয়।

পকী পথটোৰ ঠাই বিশেষে অসংখ্য গাতৰ সৃষ্টি হোৱাত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰায় ৫ বছৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকীকৰণ কৰা পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত গাতৰ সৃষ্টি হোৱাত এজাক বৰষুণতে বৰষুণৰ পানী জমা হোৱাৰ ফলত পথটোৰে যাতায়ত কৰাৰ পৰিবেশ নাথাকে৷ পথচাৰীসকলে যাতায়াতত যমৰ যাতনা ভোগ কৰি আহিছে৷ পথটো শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাইছে ৰাইজে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে