ডিজিটেল ডেস্কঃ ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন উপলক্ষে এটা ভিডিঅ’ যোগে অভিনেত্ৰী কংগনা ৰনাৱাটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জ্ঞাপন কৰে৷ ৭০ ছেকেণ্ডৰ ভিডিঅ’ টুইট কৰি কংগনাই প্ৰধানমন্ত্ৰীক দেশৰ জনগণে কিদৰে ভাল পাই সেই কথা উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীৰ বিৰোধীৰ সংখ্যা বহু কম বুলি কৈ কয় যে এনে মানুহৰ সংখ্যা কম যিসকলে আপোনাক কটুক্তি কৰে৷ কংগনাই কয় যে আপোনাৰ সৈতে কোনো মোৰ কথা হোৱাৰ সুযোগ পোৱা নাই৷
শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনাক ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো৷ যেতিয়াই দেখা পাইছো তেতিয়াই কেৱল ফটো তুলিছো৷ মই আপোনাক ক’ব খোজো যে আপোনাৰ সৈতে যিধৰণে আচৰণ কৰা হয় তেনে আচৰণ আনৰ সৈতে কৰা নহয়৷ আপুনি নিশ্চয় জানে যে তেনে আচৰণ কৰা লোকৰ সংখ্যা কম৷ এই সকলো প্ৰপগণ্ডা৷ যেতিয়াই মই সাধাৰণ মানুহক দেখো তেতিয়াই মোৰ মনে নকয় যে কোনো প্ৰধানমন্ত্ৰীয়ে সাধাৰণ মানুহক ইমান ভাল পাব পাৰে৷ কোটি কোটি ভাৰতীয়ই আপোনাৰ আদৰ কৰে বুলি কয় কংগনাই৷