February 2, 2023, 4:07 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি প্ৰেমত হাবুডুবো খোৱা উৰ্বশ্ৰীৰ প্ৰেম হৈ ৰ’ল আধৰুৱা… বিতৰ্কই লগ এৰা নাই সাহিত্য সভাৰ, কাৰ্যসূচীত বিনা অনুমতিত সন্নিবিষ্ট কৰিলে সাহিত্যিক ৰীতা চৌধুৰীৰ নাম নিম্ন মধ্যবিত্তক আকৰ্ষণ কৰিবলৈ কৰৰ বোজা কিছু হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে নিৰ্মলা সীতাৰমণে APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কোকৰাঝাৰৰ দুই জনজাতীয় কিশোৰীক ধৰ্ষণ-হত্যা কাণ্ডৰ দোষী মুজাম্মেল, নছিবুল, ফৰিজুলক ফাঁচীৰ ৰায়

Reporter Name
  • Update Time : Friday, April 8, 2022
  • 295 Time View

ধনঞ্জয় নাথ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ অভয়াকুটিত বিগত বৰ্ষৰ ১০ জুনত সংঘটিত চাঞ্চল্যকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীক আজি ঐতিহাসিক শাস্তিৰ ৰায়দান কৰে৷ কোকৰাঝাৰ বিশেষ আদালতেধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনি দোষীক ফাঁচীৰ ৰায়দান প্ৰদান কৰিছে। কোকৰাঝাৰ বিশেষ আদালতৰ বিশেষ ন্যায়াধীশ চি চতুৰ্বেদীৰ আদালতে আজি দোষী মুজাম্মেল শ্বেখ (২০), নছিবুল আলি শ্বেখ (১৯) আৰু ফৰিজুল ৰহমানক (২২) মৃত্যদণ্ডৰ আদেশ দিয়ে। পোন প্ৰথমবাৰৰ বাবে আজি কোকৰাঝাৰ আদালতে মৃত্যুদণ্ডৰ দৰে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। তিনি ধৰ্ষণকাৰী আৰু হত্যাকাৰীক ফাঁচীৰ নিৰ্দেশ প্ৰদান কৰাত ভুক্তভোগীৰ পৰিয়ালে মহামান্য আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বিগত বৰ্ষৰ ১১ জুনত অভয়াকুটিৰ এটা সৰু টিলাৰ ওপৰত থকা আম গছত ওলমি থকা অৱস্থাৰ পৰা দুগৰাকী সম্পৰ্কীয় ভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল । প্ৰথম অৱস্থাত এয়া আত্মহত্যাৰ ঘটনা বুলি ভৱা হৈছিল যদিও পৰিয়ালৰ লোকে গোচৰ (নং ৪৪০/২১) ৰজু কৰাৰ পিছতে তৰিৎগতিৰে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্ততে আত্মহত্যাৰ সলনি দুই সম্পৰ্কীয় ভগ্নীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহে। ৰাজ্য চৰকাৰে বিষয়টোত অধিক গুৰুত্ব দি ১২ জুনত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেৰ্তৃত্বত এচআইটি গঠন কৰি দিয়ে।

আনহাতে ১৩ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অভয়াকুটিত উপস্থিত হৈ দূৰ্ভগীয়া পৰিয়ালবৰ্গক সাক্ষাৎ কৰে আৰু শীঘ্ৰে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। ঘটনাৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সৰ্বমুঠ ৭ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও মুল অভিযুক্ত হিচাপে মুজাম্মেল শ্বেখ (২০), নছিবুল আলি শ্বেখ (১৯) আৰু ফৰিজুল ৰহমান (২২)ক চিনাক্ত কৰে। তদন্তকালিন অৱস্থাত পলায়ন কৰিবলৈ গৈ আৰক্ষীৰ হাতত গুলীবিদ্ধও হৈছিল ফৰিজুল ৰহমান। কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেৰ্তৃত্বত দিনে নিশাই আৰক্ষীয়ে তদন্ত কৰি সম্পূৰ্ণ নমাহৰ অন্তত আদালতত সকলো তথ্য প্ৰমান মিলাই ৯০২ পৃষ্ঠাৰ চাৰ্জছিট দাখিল কৰে। আদালতে সকলো পক্ষৰ সাক্ষী- প্ৰমান, যুক্তি-তৰ্ক শুনাৰ পিছত যোৱা ৬ এপ্ৰিলত অভিযুক্ত তিনি আচামী ক্ৰমে মুজাম্মেল শ্বেখ (২০), নছিবুল আলি শ্বেখ (১৯) আৰু ফৰিজুল ৰহমান(২২)ক দোষী বুলি ঘোষণা কৰে আৰু আজি মহামান্য চি চতুৰ্বেদীৰ আদালতে উক্ত তিনিওজনকে মৃত্যুদণ্ড ঘোষণা কৰে।

কোকৰাঝাৰত জিলাত মহামান্য আদালতৰ দ্বাৰা দোষীক মৃত্যুদণ্ডৰ ঘোষণা এয়াই প্ৰথম বুলি বিবেচিত হৈছে। মৃত্যদণ্ড ঘোষণা কৰাৰ পিছত বিশেষ পাব্লিক প্ৰসিকিউটৰ মঞ্জিত ঘোষে কয় যে কোকৰাঝাৰত এয়াই প্ৰথম মৃত্যুদণ্ডৰ ৰায়দান আৰু এই ৰায়দানে ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। ইপিনে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি এল আৰ বিষ্ণইৱে সফল তদন্তৰ বাবে কোকৰাঝাৰ আৰক্ষী আৰু এচআইটিক ধন্যবাদ জ্ঞাপন কৰিছে। মহামান্য আদালতৰ ৰায়দানে পৰিয়ালক শান্তি প্ৰদান কৰিব আৰু মৃত দুই নাৱালিকাৰ আত্মাও শান্তি পাব বুলি উল্লেখ কৰিছে। অকল মৰণত্তোৰ পৰীক্ষাতে ক্ষান্ত নাথাকি আৰক্ষীয়ে ইলেকট্ৰনিক সাক্ষ্য-প্ৰমাণ গোটাইছিল আৰু ফৰেনছিক পৰীক্ষাগাৰত ডিএনএ টেষ্ট কৰিছিল। ডিএনএ টেষ্টতো অভিযুক্ত তিনিটা জড়িত থকাৰ প্ৰমান পোৱা গৈছিল আৰু ধৰ্ষণ কৰি হত্যা কৰা বুলি প্ৰমানিত হৈছিল।

আজিৰ ৰায়দানে নাৰীসকলৰ সুৰক্ষাৰ প্ৰতি এক শুভ বাৰ্তা প্ৰেৰণ কৰিছে আৰু নাৰীৰ ওপৰত অপৰাধ কৰিলে অপৰাধীৰ অৱস্থা কি হব পাৰে সেয়া প্ৰতিফলিত কৰিছে । ইপিনে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰি উৰ্ধতম বিষয়া সকলৰ সহায় সহযোগত সময়মতে চাৰ্জছিট দিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে । বেয়া কাম কৰিলে যে গুৰুতৰ শাস্তিৰ সন্মুখীন হব লগা হয় সেয়া আজিৰ ৰায়দানে সমাজলৈ এক বাৰ্তা লৈ যাব বুলি উল্লেখ কৰে। কোৱালিটি অনুসন্ধানত গুৰুত্ব দিয়া বুলি কৈ অভয়াকুটিৰ গোচৰটোৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ সকলোৱে দিনে নিশাই কষ্ট কৰিছিল বুলি মন্তব্য কৰি তদন্তত সহযোগ আগবঢ়োৱা সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে। আনহাতে ভুক্তিভোগী পৰিয়ালে মহামান্য আদালতৰ ৰায়দানত সুখী বুলি মন্তব্য কৰি আদালতে মৃত্যদণ্ড নিদিলে নাৰীৰ সুৰক্ষা অনুভৱ কৰা নগলহেতেন বুলি মন্তব্য কৰিছে। আজিৰ ৰায়দানে লম্পটবোৰক তেনে কাম কৰিবলৈ আৰু সাহস প্ৰদান নকৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি প্ৰধান প্ৰমিদ বড়ো আৰু অসম আৰক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য যে, গোচৰ নং ৪৪০/২০২১ৰ বিপৰীতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ (ডি), ৩৭৬(ডিএ), ১২০(বি), ৩০২(এ১, এ২, এ৩) ধাৰাৰ অধীনত আৰু পকচো আইনৰ ৬নং ধাৰা, এচ.চি আৰু এচটি এক্ট মতেও অভিযুক্তক দোষী সাব্যস্ত কৰি কোকৰাঝাৰৰ মহামান্য বিশেষ আদালতে তিনি দোষীক মৃত্যুদণ্ডৰ ৰায়দান প্ৰদান কৰিছ।

 

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে