February 6, 2023, 9:59 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁও-মৰিগাঁৱৰ সীমান্তৱৰ্তী কহুঁৱাআটীত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ সম্পন্ন মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন ৩১ মাৰ্চলৈ বৃদ্ধি নগাঁৱৰ হিন্দু মিলন মন্দিৰত মাঘী পূৰ্ণিমা উদযাপন হিমালয়ৰ পাদদেশ আছে বিপদজনক অৱস্থাতঃ তুৰস্কৰ ভূমিকম্পত ২০০ জনৰ প্ৰাণহানি ইটোৰ পিছত সিটো বিৰ্তকই লগ এৰা নাই এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰক কাছাৰত চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ’ব নোৱাৰাৰ আশংকাত চৰম সিদ্ধান্ত ১৬ বছৰীয়া মাহমুদা বেগমৰ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত আজমলঃ ১০ বছৰত ৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি মাৰ্কিন আকাশত ধ্বংস হ’ল চীনৰ সন্দেহজনক ‘স্পাই বেলুন আৰক্ষীৰ অভিযান চলি আছেঃ শহুৰেকৰ ঘৰতে আত্মহত্যাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

কোকৰাঝাৰৰ গণধৰ্ষণ কাণ্ডঃ আক্ৰাছু, আছা, নাথ-যোগী, গৰিয়া-মৰিয়া-দেশীৰ মুখ্যমন্ত্ৰীক স্মাৰক

Reporter Name
  • Update Time : Wednesday, May 25, 2022
  • 40 Time View

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষ্ষী থানাৰ অন্তৰ্গত ঢোলমাৰা অঞ্চলৰ এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাই জিলাখনত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ আক্ৰাছুৰ সভাপতি বলোৰাম বৰ্মনৰ নেতৃত্বত আছা, নাথ যোগী ছাত্ৰ সন্থা, আৰছু, গৰিয়া মাৰিয়া দেশী পৰিষদ, সুত্ৰধৰ যুৱ-ছাত্ৰ সন্থা আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনকে ধৰি সাতটাকৈ অৰাজনৈতিক সংগঠনে উক্ত জঘন্য ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাই আজি কোকৰাঝাৰ জিলা উপাযুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক স্মাৰকপত্ৰ পত্ৰ প্ৰেৰণ কৰে৷ স্মাৰক পত্ৰত সাতটা সংগঠনে দোষীক ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা ক্ষীপ্ৰ বিচাৰ কৰি ফাঁচি দিয়া, ঘটনাত জড়িত অবৈধ প্ৰবজনকাৰীক চৰকাৰীভাৱে উচ্ছেদ কৰা আৰু ভূক্তভোগী নাবালিকাগৰাকীৰ পঢ়া-শুনাৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰিছে৷

তদুপৰি স্মাৰক পত্ৰখনত ছালাকাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰদুছ আহমেদে সহযোগ নকৰা বুলি অভিযোগ তুলি আৰক্ষী বিষয়াগৰাকীৰ বদলিকৰণৰ দাবী তোলে সংগঠন কেইটাই৷ জিলা উপায়ুক্ত বৰ্ণালী ডেকাক স্মাৰকপত্ৰ প্ৰদানৰ সময়ত আক্ৰাছুৰ সম্পাদক সুণাধৰ ৰায়ৰ উপৰিও আছাৰ সভাপতি ষ্টিফেন লাক্ৰা, নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ, আৰছুৰ জিলা সভাপতি বিনু কোঁচ, গৰিয়া-মাৰিয়া-দেশী জাতিয় পৰিষদৰ বিটিআৰ ক্ষেত্ৰীয় সভাপতি ছেলিম পাটগিৰি, সুত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ জিলা সভাপতি তৰুণ সূত্ৰধৰ আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ জিলা সভাপতি ইন্দ্ৰজিৎ দেৱনাথ উপস্থিত আছিল৷

ইপিনে উক্ত ঘটনাক লৈ আৰএছএছ আৰু বিজেপিয়ে পৃথকে পৃথকে জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচীত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা ৰাজ্যিক অ’বিচি মৰ্চাৰ সম্পাদক জীৱেশ ৰায়ে উপস্থিত থাকি ছালাকাটিৰ ঘটনাত অবৈধ বেদখলকাৰী জড়িত থকা বুলি বিষ্ফোৰক অভিযোগ তুলি বনাঞ্চলৰ মাটি বেদখল কৰি থকা সন্দেহজনক নাগৰিকসকলক উচ্ছেদ কৰিবলৈ দাবী উত্থাপন কৰিছে।

তদুপৰি তিনি নৰপিশাচক ফাষ্টট্ৰেক আদালতত বিচাৰ কৰিবলৈ দাবী উত্থাপন কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰে। আনহাতে নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে বেদখলকাৰীক উচ্ছেদৰ দাবী জনাইছে। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ খিলঞ্জীয়াক বেদখলকাৰী বুলি অভিহিত কৰিছে অথচ নামনি অসমৰ বেদখলকাৰীক উচ্ছেদ নকৰি ৰাজনীতিৰ আশ্ৰয় লৈছে বুলি মন্তব্য কৰি অতি শীঘ্ৰেই বেদখলকাৰীক উচ্ছেদৰ দাবী তুলিছে অৰবিন্দ নাথে। আনহাতে আক্ৰাছুৰ সম্পাদক সুনাধৰ ৰায়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ঘটনাস্থলীলৈ আহিবলৈ অনুৰোধ জনাই দোষীক ফাঁচীৰ দাবী তোলে। ইপিনে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি আইনী সুৰঙাৰে যাতে দোষী সাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলৰ উপৰিও কোকৰাঝাৰ শিশু কল্যান সমিতিৰ অধ্যক্ষাই আজি ভুক্তোভোগীৰ ঘৰত উপস্থিত হৈ ঘটনাটোৰ বুজ লোৱাৰ লগতে সৰ্বতোপ্ৰকাৰে সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে