ৰাজ্যজুৰি ৰঙালী বিহুৰ আনন্দ উলাহৰ মাজতে কোকৰাঝাৰত পুনৰ ভয়াবহ পথ দুৰ্ঘটনাত এগৰাকী যুৱক থিতাতে নিহত হোৱাৰ লগতে দুগৰাকী লোকৰ গুৰুতৰভাৱে আহত হৈছে৷ ডেংখৌ বসুমতাৰী নামৰ যুৱকজনৰ মৃত্যুৰ হোৱাৰ লগতে আহত মৈখাং বসুমতাৰী আৰু কানন গয়াৰীক স্থানীয় লোকৰ সহযোগত হস্পিতালত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে৷ আহত আহত মৈখাং বসুমতাৰী আৰু কানন গয়াৰীৰ অৱস্থা সংকটজনক। কোকৰাঝাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত কঁচুগাঁৱৰ ডেংখৌ বসুমতাৰী নিহত হৈছে৷ ইটা কঢ়িওৱা মিনি ট্ৰাক আৰু পালছাৰ ২২০ৰ সংঘৰ্ষৰ ফলত থিতাতে নিহত ডেংখৌ বসুমতাৰী। দুৰ্ঘটনাৰ পিছতে মিনি ট্ৰাকত জ্বলি উঠিল জুই। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰিলে জুই। কোকৰাঝাৰ মছজিদৰ ওচৰতো আন এক দুৰ্ঘটনা সংঘটিত হয়। গৰুক খুন্দিয়াই বাগৰি পৰে মটৰচাইকেল আৰোহী। চালকৰ অৱস্থা সংকটজনক। যোৱা ২৪ ঘণ্টাত কোকৰাঝাৰত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে। কোকৰাঝাৰত যোৱা ২৪ ঘণ্টাত পথ দুৰ্ঘটনাত মৃত্যু চাৰি যুৱকৰ।