অসমৰ চাহ বাগিচাত প্ৰথমবাৰ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা আদৰ্শ স্কুলে শিক্ষাৰ সোণালী যুগৰ সূচনা হোৱাৰ ইংগিত দিছে। কলিয়াবৰত চাহ বাগিচাত নিৰ্মাণ কৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন স্বাস্থ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই। কেলিডেন চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে কলিয়াবৰ মহকুমাত আজি মুঠ তিনিখনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। কেশৱ মহন্তই বিদ্যালয়খন উন্নীতকৰণৰ লগতে পৰৱৰ্তী সময়ত ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বহু সংখ্যক ৰাইজ উপস্থিত থাকে।