ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শাসিত লাদাখত চীনে ৩৮ হাজাৰ বৰ্গ কিলোমিটাৰ এলেকা দখল কৰি ৰাখিছে বুলি সদনত তথ্য দাঙি ধৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে৷ সংসদৰ বৰ্ষাকালীন অধিবেশনত চীন ভাৰতৰ সীমা সংঘাতৰ চৰ্চাই বিশেষ স্থান লাভ কৰাৰ সময়তে বৃহস্পতিবাৰে বিৰোধী দলে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰ দি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে কয় যে কেন্দ্ৰীয় শাসিত লাদাখত চীনে ৩৮ হাজাৰ বৰ্গ কিলোমিটাৰ এলেকা দখল কৰি ৰাখিছে৷ বুধবাৰে সদনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীন-ভাৰতৰ সংঘাত সন্দৰ্ভত বিবৃতি দিয়াৰ পিছতে সীমান্তত চীনৰ দখল সন্দৰ্ভত বিশেষ চৰ্চা লাভ কৰে৷
তাৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যসভাত পুনৰ মন্তব্য প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ ৰাজনাথ সিঙে কয় যে অৰুণাচলৰ ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ এলেকা চীনৰ বুলি দাবী কৰিছে৷ ৰাজ্যসভাত সিঙে কয় যে কেন্দ্ৰীয় শাসিত লাদাখত চীনে ৩৮ হাজাৰ বৰ্গ কিলোমিটাৰ এলেকা দখল কৰি ৰাখিছে৷ ইয়াৰ লগতে তথাকথিত Sino-Pakistan Boundary Agreement অনুযায়ী পাক অধিকৃত কাশ্মীৰৰ ৫১৮০ বৰ্গ কিলোমিটাৰ এলেকা পাকিস্তানে চীনক দিয়াৰ কথাও উল্লেখ কৰে ৰাজনাথ সিঙে৷
বৃহস্পতিবাৰে ভাৰত-চীন সন্দৰ্ভত প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিশ্বৰ কোনো শক্তিয়ে লাদাখত ভাৰতৰ সেনাৰ টহল দিয়াত বাধা দিব নোৱাৰে৷ ভাৰতীয় সেনাৰ টহলৰ বাবেই চীনৰ সৈতে সংঘাত হৈছে৷ পূৰ্ব লাদাখত ভাৰতীয় সেনা বাহিনীৰ টহলদাৰীৰ ধৰণ বিন্দুমাত্ৰাও পৰিবৰ্তন নহয় বুলি বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দি স্পষ্ট কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷