গুৱাহাটীঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দেওবাৰে নতুন দিল্লীস্থিত আৱাসত সাক্ষাৎ কৰি ৰাজ্যৰ কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে৷ মূলত অসম চুক্তিৰ ৬ নং দফা আৰু এনআৰচি প্ৰস্তুতকৰণ সন্দৰ্ভত গৃহ মন্ত্ৰীৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল৷ আন হাতে মুখ্যমন্ত্ৰী সোণোৱালে এটা টুইট কৰি কয় ‘‘মাননীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে আজি নতুন দিল্লীত অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ফলপ্ৰসূ আলোচনা কৰো। অসমৰ জনগণৰ প্ৰতি থকা শ্ৰদ্ধাপূৰ্বক আন্তৰিকতা আৰু সদ্ভাৱৰ বাবে তেখেতক কৃতজ্ঞতা জনালো।’’ বৈঠকত অসমৰ মুখ্য সচিব, ভাৰতৰ গৃহ সচিব উপস্থিত থাকে৷ আনহাতে একেটা দিনতে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ কৰে৷
বৈঠকৰ অন্তত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ চুক্তি, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, এনআৰচি আৰু অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত আলোচনা কৰা হয় বুলি কয়। বড়ো চুক্তি ৰূপায়নকে ধৰি ভিন্ন সমস্যা সন্দৰ্ভত ৰাজ্য-কেন্দ্ৰ চৰকাৰে মিলি কাম কৰাৰ লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন ১ মাহৰ ভিতৰত গৃহ মন্ত্ৰালয়ত দাখিল কৰিবলৈ গৃহমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলি কয়৷ এনআৰচিৰ খৰছৰাৰ সীমান্তৰ জিলাত ২০ শতাংশ পুণৰীক্ষণ আৰু আন জিলাত ১০ শতাংশ পুণৰীক্ষণত ৰাজ্য চৰকাৰৰ প্ৰস্তাৱক কেন্দ্ৰ চৰকাৰে সমৰ্থন কৰাৰ লগতে অসম চুক্তিৰ ৬নং ৰূপায়ন সমিতিৰ প্ৰতিবেদন পৰীক্ষা কৰাৰ অন্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক অৰ্পণ কৰিব বুলি মত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।