কেতিয়া ওৰ পৰিব ৰহস্যৰ, কি আছে কবি নীলমণি ফুকনৰ বন্ধ খামত
Reporter Name
-
Update Time :
Monday, January 23, 2023
-
15 Time View
কবি নীলমণি ফুকনৰ এখন চিঠি তেওঁৰ শ্ৰাদ্ধৰ পিছতেই ৰাজহুৱা কৰিব নিত্য বৰাই৷ প্ৰতিদিন কাকতৰ সম্পাদক হৈ থকাৰ সময়ত নিত্য বৰাক এটি বন্ধৰ খাম দিছিল কবি নীলমণি ফুকনে৷ নীলমণি ফুকনৰ বিৰুদ্ধে এসময়ত অসমৰ অসমৰ একাংশ কবি-সাহিত্যিকে ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু কবিৰ বিৰুদ্ধে আনৰ কবিতা চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ সেই অভিযোগে কবি নীলমণি ফুকনক মানসিকভাৱে জৰ্জৰিত কৰিছিল আৰু সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি সেইসময়ত অসমৰ বৌদ্ধিক শিবিৰ দুটা ভাগত বিভক্ত হৈছিল৷ তেনে পৰিস্থিতিত তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰত কোন জড়িত সেই বিষয়ে সবিস্তাৰে লিখি নিত্য বৰাৰ হাতত এটি বন্ধৰ খামত জমা দি কবি নীলমণি ফুকনে তেওঁৰ মৃত্যুৰ পিছত সেই খাম খুলিবলৈ অনুৰোধ কৰিছিল৷ মঙলবাৰে অৰ্থাৎ ২৪ ফেব্ৰুৱাৰীত সেই বন্ধ খাম ৰাজহুৱা কৰাৰ কথা আছিল যদিও কবিৰ পৰিয়ালৰ তৰফৰ পৰা নিত্য বৰালৈ এটা অনুৰোধ আহিল যে অহা ৩১ জানুৱাৰীৰ পাছতহে সেই খাম খুলিব লাগে৷ কবিৰ আদ্যশ্ৰাদ্ধ হৈ যোৱাৰ পাছত তেওঁৰ ইচ্ছা অনুযায়ী সেই তথ্য ৰাজহুৱা কৰি লাগে বুলি পৰিয়ালৰ লোকে কৰা অনুৰোধক সন্মান জনায় বিশিষ্ট সাহিত্যিক নিত্য বৰাই ৩১ জানুৱাৰীৰ পিছত সেই বন্ধ খাম খুলিব বুলি জানিবলৈ দিছে৷
🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক
◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে