নতুন দিল্লীঃ আম আদমী পাৰ্টিৰ (আপ) প্ৰাক্তন নেতা তথা বিশিষ্ট কবি কুমাৰ বিশ্বাসক ‘ৱাই’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী সূত্ৰই এই তথ্য প্ৰদান কৰিছে। কুমাৰ বিশ্বাসে আপৰ আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত চোৰাংচোৱা তথ্যৰ ওপৰত আধাৰত কেন্দ্ৰই কুমাৰ বিশ্বাসৰ নিৰাপত্তা আৰু সাম্ভাব্য ভাবুকিৰ পৰ্যালোচনা কৰি ‘ৱাই’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লয়৷
কুমাৰ বিশ্বাসক কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) ‘ৱাই’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ কুমাৰ বিশ্বাসক প্ৰদান কৰা ‘ৱাই’ শ্ৰেণীৰ নিৰাপত্তাৰ অধীনত চাৰিজন ব্যক্তিগত নিৰাপত্তা বিষয়াক সকলো সময়তে নিৰাপত্তাত নিয়োজিত কৰা হ’ব। কুমাৰ বিশ্বাসে অৰবিন্দ কেজৰিৱালক পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিচ্ছিন্নতাবাদীক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰিছিল। খালিস্তানি গোটৰ সৈতে সম্পৰ্ক থকা লোকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ আনিছিল কুমাৰ বিশ্বাসে৷ কেৱল ইমানে নহয় বিগত পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত কেজৰিৱালে খালিস্তানী গোটৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা লোকৰ সৈতে বৈঠক কৰাৰো অভিযোগ আনিছিল৷
কেজৰিৱালে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে। পঞ্জাৱত দেওবাৰে বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। কেজৰিৱালে অৱশ্যে এই অভিযোগক প্ৰত্যুত্তৰ দি কয় যে সম্ভৱতঃ পৃথিৱীৰ আটাইতকৈ মধুৰ সন্ত্ৰাসবাদী হ’ব যিয়ে বিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণ কৰে। পঞ্জাৱ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বিজয় দেখি বিজেপি, কংগ্ৰেছ আৰু অন্যান্য দলসমূহে তেওঁৰ বিৰুদ্ধে একত্ৰিত হৈছে বুলি কয়৷ আম আদমী পাৰ্টি আৰু কংগ্ৰেছে পঞ্জাৱ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছে। অকালি দল বিএছপিৰ সৈতে মিত্ৰতাত আছে। বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ দলৰ সৈতে মিত্ৰতা গঢ়ি উঠিছে।