February 1, 2023, 1:21 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা

কেএলঅ’ৰ নামত ধনদাবী, ত্ৰস্তমান ব্যৱসায়ী, ঠিকাদাৰঃ কেএলঅ’ৰ নামত অশান্তি কৰিছে কোনে? অসম বন্ধৰ ভাবুকি কেএলঅ’ৰ

Reporter Name
  • Update Time : Friday, June 10, 2022
  • 55 Time View

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা আৰু ইয়াৰ সীমান্তবৰ্তী অঞ্চলসমূহত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ধনদাবীৰ ঘটনা। কেএলঅ’ৰ নামত ইতিমধ্যে বিভিন্ন ঠিকাদাৰ, ব্যৱসায়ী, অনুষ্ঠান-প্ৰতিষ্ঠান আদিক ব্যাপক হাৰত ধনদাবী কৰা হৈছে। কেএলঅ’ৰ নামত ধনদাবী পত্ৰ প্ৰেৰণ কৰাৰ উপৰি ফোনযোগেও ধন আদায় নিয়াৰ নিৰ্দেশ হৈছে। বছা বছা কিছুমান ব্যৱসায়ীক ফোনযোগে কোৱা হৈছে যে আপুনি কমতাপুৰত থাকিবলৈ হ’লে কেএলঅ’ক মাটিৰ ভাড়া দিব লাগিব। মাটিটো আপোনাৰ নামত থাকিব পাৰে, কিন্তু সেই মাটি ঐতিহাসিকভাৱে কমতাপুৰৰ আৰু ধন আদায় অবিহনে বিষম পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুুলিও সকীয়নি প্ৰদান কৰিছে কেএলঅ’ই। আনহাতে, ফোনযোগে দিয়া ভাবুকিৰ পিছতে বিভিন্ন ঠিকাদাৰ, ব্যৱসায়ী ত্ৰস্তমান হৈ পৰিছে।
ইপিনে, কেএলঅ’ৰ হঠাৎ উত্থানক লৈ ৰহস্যৰ সৃষ্টি হৈছে। বছৰ বছৰ ধৰি নিষ্ক্ৰিয় হৈ থকা কেএলঅ’ই শেহতীয়াভাৱে যথেষ্ট সক্ৰিয় হৈ পৰাৰ উপৰি নিত্য নতুন ল’ৰাই কেএলঅ’ত যোগদান কৰি মাতৃভূমি উদ্ধাৰৰ বাবে কোচ-ৰাজবংশী জনতাক আহ্বান জনাইছে আৰু উক্ত ভিডিঅ’সমূহ ছছিয়েল মিডিয়াত আপলোড কৰিছে। যি সময়ত বিজেপি চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে, তেনে সময়তে কিন্তু কেএলঅ’ই কূটাঘাতমূলক কাৰ্য, ধনদাবী, ভাবুকিত লিপ্ত হোৱা ঘটনাই বিশেষ তাপপৰ্যৰ সৃষ্টি কৰিছে।

কূটাঘাতৰ আঁৰত কোন ?

যোৱা ৪ জুনৰ সন্ধিয়া কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি থানাৰ অন্তৰ্গত নাৰাবাৰীত সন্দেহযুক্ত কেএলঅ’ সদস্যই গুলীচালনাৰে সুনীল মণ্ডল নামৰ এগৰাকী ব্যৱসায়ীক আহত কৰে। আৰক্ষীয়ে উক্ত ঘটনাৰ স’তে জড়িত মূল অভিযুক্তক চিনাক্তকৰণ কৰিবলৈ সক্ষম হৈছে যদিও অদ্যপি কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে আৰক্ষীয়ে উক্ত ঘটনাৰ আলম লৈ এগৰাকী মডেল সহিতে পাঁচজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা পাঁচ অভিযুক্তক নিৰ্দোষী বুলি দাবী কৰি আজি কেএলঅ’ই সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰিছে। কেএলঅ’ৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সচিব ডি এল কোচে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত আৰক্ষীয়ে আটক কৰা পাঁচ নিৰ্দোষীক ৪৮ ঘণ্টাৰ ভিতৰতে মুকলি কৰি নিদিলে অনিদিষ্টকালীন অসম বন্ধ ঘোষণা কৰা হ’ব বুলি সদৰী কৰিছে। বিবৃতিত কেএলঅ’ৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সচিব ডি এল কোচে কয় যে অসম আৰক্ষীয়ে মূল অভিযুক্তক কৰায়ত্ত কৰাত ব্যৰ্থ হৈছে আৰু ইয়াৰ পৰিৱৰ্তে নিৰীহক গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মডেল নৱনীতা বৰ্মনসহ সকলোকে মুক্তিৰ দাবী জনাই কেএলঅ’ই বিবৃতিত উল্লেখ কৰে যে অহা ৪৮ ঘণ্টাৰ ভিতৰত মুক্তি নিদিলে কেএলঅ’ই অনিদিষ্টকালীন অসম বন্ধ ঘোষণা কৰিব আৰু ইয়াৰ ফলত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে অসম আৰক্ষীয়ে দায়ী হ’ব।
আৰক্ষীৰ এক উচ্চপদস্থ সূত্ৰই সদৰী কৰা মতে, কেএলঅ’ৰ অধ্যক্ষ জীৱন কোচৰ অজ্ঞাতে কেএলঅ’ৰ এটা গোটে কূটাঘাতমূলক কাম, ধনদাবী, ভাবুকি দি আছে। উক্ত বিপথগামী যুৱকৰ দলটোৰ নেৰ্তৃত্ব দিছে পাৰ্থ প্ৰতিম বৰ্মন ওৰফে পাভেল ওৰফে বাপ্পাই। একাংশ ধনদাবী পত্ৰতো পাভেলৰ চহী প্ৰত্যক্ষ কৰা হৈছে। বিশেষ সূত্ৰটোৱে এইবুলিও উল্লেখ কৰে যে যিসময়ত কেএলঅ’ৰ অধ্যক্ষ জীৱন কোচৰ গোটটোৱে মূলসূঁতিলৈ ঘূৰি আহিবলৈ কুচকাৱাজ আৰম্ভ কৰিছিল তেনে সময়তে কেএলঅ’ৰ বৈদেশিক সচিব পাৰ্থ প্ৰতিম বৰ্মন ওৰফে পাভেল ওৰফে বাপ্পাই বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ সন্ত্ৰাসবাদী সংগঠনসমূহক মূলসূঁতিলৈ ঘূৰাই অনাৰ যি পদক্ষেপ আৰু প্ৰচেষ্টা হাতত লৈছে আৰু ইতিমধ্যে এনডিএফবিৰ কেউটাগোটেই মূলসূঁতিলৈ ঘূৰি আহিছে, তেনেক্ষেত্ৰত কেএলঅ’ৰ ক্ষেত্ৰত সফল নোহোৱাত ৰহস্যৰ সৃষ্টি হৈছে। কেএলঅ’ৰ মধ্যস্থতাকাৰীৰ প্ৰচেষ্টা তথা বৰ্তমানৰ স্থিতি সন্দৰ্ভত বিশেষ জানিব পৰা হোৱা নাই যদিও বিশেষ সূত্ৰই সদৰী কৰা মতে, পাৰ্থ প্ৰতিম বৰ্মন ওৰফে পাভেল মূলসূঁতিলৈ ঘূৰি আহিবলৈ মুঠেও ইচ্ছুক নহয়। কেএলঅ’ক মূলসূঁতিলৈ ঘূৰি আহিবলৈ কাষৰীয়া ৰাজ্যৰ বিজেপি বিৰোধী এখন চৰকাৰেও বিধিপথালি দিয়া বুলি বিশেষ সূত্ৰই সদৰী কৰিছে।
ইফালে, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক সংবাদমেলত জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই যোৱা ৪ জুনত সংঘটিত হোৱা গুলীচালনাৰ সমস্ত তথ্য আৰক্ষীৰ হাতত মজুত আছে বুলি সদৰী কৰিছে। কেএলঅ’ক তথ্য যোগান দিয়াসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু শান্তিময় পৰিৱেশ বিঘ্নিত কৰিব খুজিলে প্ৰশাসনে কাকো ৰেহাই নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে। আজিৰ সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে সুৰজিৎ সিং পানেছাৰ(সদৰ), এল ডংগেল (নিৰাপত্তা), উপ-আৰক্ষী অধীক্ষক পুনম পেগু উপস্থিত থাকে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে