March 30, 2023, 4:10 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কৃষি ভূমি বণিয়া গোষ্ঠীলৈ হস্তান্তৰ হ’ব, কৃষকক ক্ষতি কৰি উদ্যোগ হ’ব নোৱাৰেঃCPIML

Reporter Name
  • Update Time : Sunday, July 5, 2020
  • 148 Time View

গুৱাহাটীঃ ৰাজ্যত ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতিৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বাও দল চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়ে এক বিবৃতি যোগে তীব্ৰ সমালোচনা কৰিছে ৰাজ্য চৰকাৰক৷ চিপিআইএমৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক দেবেন ভট্টাচাৰ্যই বিবৃতি যোগে এই ভূমিনীতিৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ মাটি পুঁজিপতি-বণিয়া গোষ্ঠীৰ হাতলৈ যাব বুলি কয়। শাসনাধিষ্ঠিত বিজেপি চৰকাৰে ইতিমধ্যে বিশাল পৰিমাণৰ ভূ-সম্পত্তি ৰামদেৱৰ দৰে ব্যৱসায়ীৰ হাতত তুলি দিয়াৰ অভিযোগ উত্থাপন কৰে৷

দেবেন ভট্টাচাৰ্যই কয় যে অসমত ঔদ্যোগীকৰণৰ প্ৰয়োজন সম্পৰ্কে কাৰো দ্বিমত নাই৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ যোৱা ৪ বছৰৰ শাসনকালত নতুন শিল্পোদ্যোগ গঢ়ি উঠাৰ সলনি দুটাকৈ কাগজ কলকে ধৰি বহুতো প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে৷ এইখন চৰকাৰে এতিয়া হঠাতে অতি ক্ষুদ্ৰ-ক্ষুদ্ৰ আৰু মজলীয়া শিল্প-প্ৰতিষ্ঠান (MSME)ক উৎসাহিত কৰাৰ নামত এখন অধ্যাদেশ জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সিদ্ধান্ত অনুসৰি এই ধৰণৰ শিল্প-প্ৰতিষ্ঠান স্থাপন কৰাৰ বাবে কোনো ধৰণৰ অনুমতি বা লাইচেঞ্চৰ প্ৰয়োজন নহ’ব৷ এখন আৱেদনৰ ভিত্তিতে এনে প্ৰতিষ্ঠান স্থাপন আৰু তিনি বছৰ চলোৱাৰ বাবে সুযোগ লাভ কৰিব৷

এই সিদ্ধান্তৰ সবাতোকৈ ভয়াৱহ দিশটো হ’ল এনে শিল্প-প্ৰতিষ্ঠান স্থাপনৰ নামত যিকোনো কৃষি ভূমিৰ চৰিত্ৰ সলনি কৰি হস্তান্তৰিত কৰিব পাৰিব৷ ইয়াৰ ফলত বৃহৎ পৰিমাণৰ মাটি পুঁজিপতি-বণিয়া গোষ্ঠীৰ হাতলৈ যাব।শাসনাধিষ্ঠিত বিজেপি চৰকাৰে ইতিমধ্যে বিশাল পৰিমাণৰ ভূ-সম্পত্তি ৰামদেৱৰ দৰে ব্যৱসায়ীৰ হাতত তুলি দিছে। চৰকাৰৰ এই নীতিয়ে কৃষি আৰু কৃষকসমাজলৈ যে সৰ্বনাশ মাতি আনিব পাৰে সেয়া ধুৰূপ৷ অসমৰ কৃষিজগত যে এটা অৱহেলিত খণ্ড সেয়া সকলোৱে জনা কথা৷ ৰাজ্যখনৰ গাঁও অঞ্চলৰ অৰ্থনীতিৰ শোচনীয় অৱস্থাৰ বাবেই যে অসমৰ লাখ লাখ যুৱক-যুৱতী জীৱিকাৰ সন্ধানত অইন ৰাজ্যলৈ যাবলগীয়া হৈছে সেয়া কোভিড-১৯ৰ দুৰ্যোগৰ সময়ত আৰু স্পষ্টভাৱে ওলাই পৰিছে৷ কোভিড-১৯ৰ সংক্ৰমণ আৰু লক-ডাউনৰ সময়ছোৱাত এই কথাও ওলাই পৰিছে যে অসমৰ কৃষিখণ্ড দুৰ্বল হোৱা সত্ত্বেও সংকটৰ সময়ত অৰ্থনীতিৰ প্ৰাথমিক খণ্ড–কৃষিয়েই অসমৰ এটা বৃহৎ অংশৰ লোকক দুৰ্ভিক্ষৰ পৰা ৰক্ষা কৰিছে৷

চিপিআইম দলে সেয়েহে কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষকৰ আয় বৃদ্ধি চৰকাৰৰ প্ৰাথমিকতা হোৱা উচিত বুলি৷ অসমত বিপুল সংখ্যাগৰিষ্ঠ জনসাধাৰণ যিহেতু কৃষিজীৱী, সেয়ে তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধিয়েহে ৰাজ্যখনত শিল্পোদ্যোগ সম্প্ৰসাৰণৰ দৃঢ়ভিত্তি স্থাপন কৰিব পাৰে৷ কিন্তু বিনাবাধাই কৃষিভূমিক বাণিজ্যিক বা ঔদ্যোগিক কাৰণত ব্যৱহাৰ কৰাৰ যি সুযোগ দিব বিচাৰিছে, সি অৱশেষত কৃষিখণ্ডলৈ ভয়ংকৰ দুৰ্যোগ মাতি আনিব৷ আৰ্থিকভাৱে জুৰুলা কৃষকসকলৰ মাটি মাটিৰ দালাল বা ভূ-মাফিয়াই সহজে আৰু অতি কমদামত ক্ৰয় কৰাৰ পথ এই অধ্যাদেশে প্ৰশস্ত কৰিব৷ শিল্পোদ্যোগৰ নামত ক্ৰয় কৰা মাটি ভৱিষ্যতে বাণিজ্যিকভাৱে অধিক দামত বিক্ৰী কৰাৰ সুযোগো সৃষ্টি হ’ব বুলি কয় বাও দলটোৱে৷

তদুপৰি যধে-মধে শিল্পোদ্যোগ স্থাপনৰ অনুমতি প্ৰদান ব্যৱস্থাই পৰিৱেশ দূষিত আৰু ক্ষতিগ্ৰস্ত কৰাৰো পুৰামাত্ৰাই সম্ভাৱনা আছে৷ ইটাভাটা, কোৱেৰী আৰু অন্যান্য অতি প্ৰদূষণ বিয়পোৱা কল-কাৰখানা যধে-মধে স্থাপন কৰাৰ সুযোগ দিয়াৰ ফলত বিস্তীৰ্ণ খেতিপথাৰ আৰু গ্ৰামাঞ্চললৈ যি দুৰ্যোগ কঢ়িয়াই আনে সেয়া জনসাধাৰণে নিজৰ অভিজ্ঞতাৰ পৰাই ইতিমধ্যে জানিব পাৰিছে৷ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাক্সৰ্বাদী)ৰ ৰাজ্যিক সমিতিয়ে শিল্পোদ্যোগ স্থাপনৰ নামত চৰ্তহীনভাৱে কৃষিভূমিৰ চৰিত্ৰ সলনি কৰাৰ বাবে ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায়৷

শিল্পোদ্যোগ স্থাপনৰ প্ৰয়াস চলোৱাৰ সমান্তৰালভাৱে কৃষিখণ্ডত যথাযথ বিনিয়োগ কৰিবলৈ আৰু কৃষকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে দীৰ্ঘদিন ধৰি ভোগ-দখল কৰি থকা মাটিৰ পট্টাদান কৰাৰ বাবে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে চৰকাৰৰ ওচৰত দাবী জনাইছে৷ কৃষি ভূমি নিৰ্বিচাৰে পুঁজিপতি-বণিয়া গোষ্ঠীলৈ হস্তান্তৰ কৰাৰ বাবে অনুমতি দিয়াৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত অসম ৰাজ্যিক কৃষক সভাই ৭ জুলাইত সাব্যস্ত কৰিবলগীয়া প্ৰতিবাদী কাৰ্যসূচীক চিপিআইএমে সমৰ্থন কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে